ETV Bharat / state

ৰাজ্যত বেংগলী স্বায়ত্ব শাসিত পৰিষদৰ দাবীৰে সংবাদমেল

author img

By

Published : Aug 19, 2020, 11:09 PM IST

ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা বাংলাভাষী হিন্দু আৰু মুছলমান লোকসকলক লৈ এখন বেংগালী স্বায়ত্ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে বুধবাৰে গোৱালপাৰাৰ লক্ষীপুৰত এখন সংবাদ মেল অনুষ্ঠিত হৈ যায় ।

bangali autonomous council demand at assam
গোৱালপাৰাত বেংগালী স্বায়ত্ত্ব শাসিত পৰিষদ গঠনৰ দাবী

গোৱালপাৰা,১৯ আগষ্ট: বুধবাৰে গোৱালপাৰা জিলাৰ খলিচাভিটাৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি আমজাদ আলী খান আৰু তেওঁৰ একাংশ সতীৰ্থই গোৱালপাৰাৰ লক্ষীপুৰত আয়োজন কৰে এখন সংবাদ মেলৰ । সংবাদ মেলত আয়োজক সকলে উল্লেখ কৰিলে, দেশ স্বাধীন হোৱাৰ পিছৰে পৰাই চৰ-চাপৰিৰ বাংলাভাষী লোক সকলে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে । যুগ যুগ ধৰি অসমত বসবাস কৰি থকা এই বাংলাভাষী লোক সকলে নিজৰ ভাষাটোক বিসৰ্জন দি অসমীয়া ভাষাক মাতৃভাষা হিচাপে লিখি আহিছে । এই সকল লোকে অসমৰ বায়ু পানীৰ সৈতে বিলীন হৈ নিজকে পৰিচয় দি আহিছে একো গৰাকী অসমীয়া হিচাবে । কিন্তু এচাম সুবিধাবাদী ৰাজনৈতিক দলৰ নেতা আৰু জাতীয়তাবাদী নামধাৰী নেতাৰ লগতে একাংশ সংবাদ মাধ্যমে এই সহজ সৰল খাটি খোৱা লোক সকলক সন্দেহ জনক বাংলাদেশী সজাই ডি ভোটাৰৰ নামত,বিদেশী ন্যায়াধীকৰণ তথা ডিটেনচন কেম্পৰ নামত,এনআৰচিৰ দৰে নাগৰিকপঞ্জী তৈয়াৰৰ নামত প্ৰতিবাৰে কৰি আহিছে হাৰাশাস্তি ।

তাৰোপৰি চহা খেতিয়কৰ ৰূপত অৱতীৰ্ণ এই বাংলাভাষী হিন্দু মুছলমান সকলৰ স্বাস্থ্য,শিক্ষা,পুন:সংস্থাপন,কৃষি আদি ক্ষেত্ৰত পাব লগা চৰকাৰী সা-সুবিধাৰ পৰাও বঞ্চিত কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰিলে সংবাদ মেলখনত ।

এই লোক সকলক বৰ্তমানৰ পৰ্যায়ৰ পৰা উন্নত কৰি তুলিবলৈ হ'লে তেওঁলোকক স্বায়ত্ত শাসিত পৰিষদৰ ব্যৱস্থা কৰি দিবই লাগিব বুলি উল্লেখ কৰিলে সংবাদ মেলখনৰ আয়োজন কৰা মূল ব্যক্তি আমজাদ আলী খানে। লগতে অতি শীঘ্ৰেই ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত হিন্দু আৰু মুছলমানৰ বাংলাভাষী সচেতন লোক সকলক লৈ এখন সমিতি গঠন কৰিব বুলিওঁ উল্লেখ কৰিলে আমজাদ আলী খানে ।

লগতে পঢ়কঃ ব্যক্তিগত খণ্ডক অৰ্পণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.