ETV Bharat / state

সৰ্বাধিক একাউণ্ট খুলি ৰেকৰ্ড গঢ়িলে গোৱালপাৰা ডাক সংমণ্ডলে

author img

By

Published : Jan 22, 2020, 11:57 PM IST

গোৱালপাৰা ডাক অধীক্ষকৰ মুখ্য কাৰ্যালয়ত বুধবাৰে সামৰণি পৰে বালিকা শক্তি অভিযানৰ ৷ ভাৰত চৰকাৰৰ সুকণ্যা সমৃদ্ধি যোজনা নামৰ আঁচনিৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন কৰে গোৱালপাৰা ডাক সংমণ্ডলে । চলিত বিত্তীয় বৰ্ষত অসমৰ ভিতৰত সৰ্বাধিক একাউণ্ট খুলি ৰেকৰ্ড গঢ়িলে গোৱালপাৰা ডাক সংমণ্ডলে ।

গোৱালপাৰা
সৰ্বাধিক একাউণ্ট খুলি ৰেকৰ্ড গঢ়িলে গোৱালপাৰা ডাক সংমণ্ডলে

গোৱালপাৰা, 22 জানুৱাৰীঃ ভাৰত চৰকাৰৰ সুকণ্যা সমৃদ্ধি আঁচনিৰ বুধবাৰে পঞ্চম বৰ্ষপূৰ্তি উদযাপন কৰা হয় । ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰে সুকণ্যা সমৃদ্ধি নামৰ অভিলাসী আঁচনিখনৰ । এই আঁচনি সম্পৰ্কে চৰকাৰৰ সমান্তৰালকৈ ভাৰতীয় ডাক বিভাগেও ৰাইজৰ মাজত সমানে সজাগতাৰ প্ৰয়াস কৰি আহিছে । গোৱালপাৰা ডাক অধীক্ষক দেৱৰাজ ছেঠীৰ নেতৃত্বত ছয়খন জিলাৰ প্ৰতিখন ডাক ঘৰ, উপ ডাকঘৰ আৰু শাখা ডাকঘৰৰ বিষয়া কৰ্মচাৰী সকলে প্ৰতিখন গাঁও অঞ্চলত সজাগতা অভিযান চলায় ।

২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা চলিত বৰ্ষৰ ১৮ জানুৱাৰী লৈ বালিকা শক্তি অভিযান চলোৱা হয় গোৱালপাৰা ডাক সংমণ্ডল এলেকাত । যাৰ ফলত অসম পৰিমণ্ডলৰ ভিতৰত গোৱালপাৰা ডাক সংমণ্ডলে সৰ্বাধিক ৩৮১১৪ টা সুকণ্যা একাউণ্ট খুলিবলৈ সক্ষম হয় । তদুপৰি চলিত বিত্তীয় বৰ্ষত ১৯১৩৫ টা আই পি পি বি একাউণ্ট খুলিবলৈ সক্ষম হোৱাৰ বিপৰীতে ১৭৭০৭ টা চেভিংছ একাউণ্ট খুলিবলৈ সক্ষম হৈছে । একেদৰে চলিত বিত্তীয় বৰ্ষত মুঠ প্ৰায় ১ লাখ একাউণ্ট খুলি এক ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে গোৱালপাৰা ডাক সংমণ্ডলে ।

ইপিনে এই সন্দৰ্ভত বুধবাৰে গোৱালপাৰা ডাক সংমণ্ডলৰ ডাক অধীক্ষক দেৱৰাজ ছেঠীৰ লগতে সহকাৰী অধীক্ষক গিৰিকান্ত ডেকা, ধুবুৰী উপ সংমণ্ডলৰ পৰিদৰ্শক পঞ্চানন ৰায়কে ধৰি বহু বিষয়া কৰ্মচাৰী আৰু বিভিন্ন ডাকঘৰ, উপ ডাকঘৰ আৰু শাখা ডাকঘৰৰ কৰ্মচাৰী সকল উপস্থিতিত এখন সভা অনুষ্ঠিত কৰে ৷ সভাত ডাক অধীক্ষক গৰাকীয়ে সকলো ৰাইজক ডাকঘৰত জীৱন বীমা, আই পি পি বি, চেভিংছৰ লগতে সুকণ্যা সমৃদ্ধি আঁচনিৰ অধীনত সকলো কন্যা সন্তানৰ নামত একাউণ্ট খুলিবলৈ বিনম্ৰভাবে আহ্বান জনায় ।

আৰু পঢ়কঃ সম্পূৰ্ণ যানজঁটমুক্ত আইজল চহৰ !

Intro: গোৱালপাৰা ডাক অধীক্ষকৰ মুখ্য কাৰ্য্যালয়ত বালিকা শক্তি অভিযানৰ এক কাৰ্য্যসূচীৰ আজি সামৰণি অনুষ্ঠান। ভাৰত চৰকাৰৰ সুকণ্যা সমৃদ্ধি যোজনা নামৰ আঁচনিৰ আজি পঞ্চম বৰ্ষপূৰ্তি উদযাপন গোৱালপাৰা ডাক সংমণ্ডলৰ। চলিত বিত্তীয় বৰ্ষত অসমৰ ভিতৰত সৰ্বাধিক একাউণ্ট খুলি ৰেকৰ্ড গঢ়িলে গোৱালপাৰা ডাক সংমণ্ডলে।

Body: ভাৰত চৰকাৰৰ সুকণ্যা সমৃদ্ধি আঁচনিৰ আজি পঞ্চম বৰ্ষপূৰ্তি। ২০১৫ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰিছিল সুকণ্যা সমৃদ্ধি নামৰ এক অভিলাসী আঁচনিৰ। এই আঁচনি সম্পৰ্কে চৰকাৰৰ সমান্তৰালকৈ ভাৰতীয় ডাক বিভাগেও ৰাইজৰ মাজত সমানে সজাগতাৰ প্ৰয়াস কৰি আহিছে। গোৱালপাৰা ডাক অধীক্ষক দেৱৰাজ সেঠিৰ নেতৃত্বত ছয়খন জিলাৰ প্ৰতিখন প্ৰতিখন ডাক ঘৰ, উপ ডাকঘৰ আৰু শাখা ডাকঘৰৰ বিষয়া কৰ্মচাৰী সকলে প্ৰতিখন গাঁও অঞ্চলত সজাগতা অভিযান চলোৱা হয়। ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা চলিত বৰ্ষৰ ১৮ জানুৱাৰী লৈ বালিকা শক্তি অভিযান চলোৱা হয় গোৱালপাৰা ডাক সংমণ্ডল এলেকাত। যাৰ ফলত অসম পৰিমণ্ডলৰ ভিতৰত গোৱালপাৰা ডাক সংমণ্ডলে সৰ্বাধিক ৩৮১১৪ টা সুকণ্যা একাউণ্ট খুলিবলৈ সক্ষম হয়। তদুপৰি চলিত বিত্তীয় বৰ্ষত ১৯১৩৫ টা আই পি পি বি একাউণ্ট খুলিবলৈ সক্ষম হোৱাৰ বিপৰীতে ১৭৭০৭ টা চেভিংছ একাউণ্ট খুলিবলৈ সক্ষম হৈছে। একেদৰে চলিত বিত্তীয় বৰ্ষত মুঠ প্ৰায় ১ লাখ একাউণ্ট খুলি এক ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে গোৱালপাৰা ডাক সংমণ্ডলে।

ইপিনে এই সন্দৰ্ভত আজি গোৱালপাৰা ডাক সংমণ্ডলৰ ডাক অধীক্ষক দেৱৰাজ সেঠিৰ লগতে সহকাৰী অধীক্ষক গিৰিকান্ত ডেকা, ধুবুৰী উপ সংমণ্ডলৰ পৰিদৰ্শক পঞ্চানন ৰায়কে ধৰি বহু বিষয়া কৰ্মচাৰী আৰু বিভিন্ন ডাকঘৰ, উপ ডাকঘৰ আৰু শাখা ডাকঘৰৰ কৰ্মচাৰী সকল উপস্থিতিত এখন সভা অনুষ্ঠিত হয়।

Conclusion: উক্ত সভাত ডাক অধীক্ষক গৰাকীয়ে সকলো ৰাইজক ডাকঘৰত জীৱন বীমা, আই পি পি বি, চেভিংছৰ লগতে সুকণ্যা সমৃদ্ধি আঁচনিৰ অধীনত সকলো কন্যা সন্তানৰ নামত একাউণ্ট খুলিবলৈ বিনম্ৰ ভাবে আহ্বান জনায়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.