"ৰাজ্যৰ সৰ্বসাধাৰণ জনতাৰ উন্নয়ণ আৰু বিকাশ যেন বহু দূৰৈত । কেৱল সাম্প্ৰদায়িক মন্তব্য দি হিৰ' হ'ব খুজিছে একাংশই"। বুধবাৰে নগৰবেৰাৰ টুপামাৰীত অনুষ্ঠিত আমছুৰ এক বিশাল জনসচেতনতা সভাত এই মন্তব্য কৰে আমছুৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদে ।
ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এজন দালাল আখ্যা দিয়াৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসক পাগল আৰু বিধায়ক শিলাদিত্য দেৱক মহাপাগল আখ্যা দিছে আমছুৱে । একেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক নিমাতীকইনা আখ্যা দি তীব্ৰ কটাক্ষ কৰে আমছু নেতাজনে । অসমৰ ধৰ্মীয় সংখ্যালঘু জনগণক উচটাই হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব বিচৰাৰ লগতে কেৱল ৰাজনৈতিক মুনাফা লুটাৰ বাবেই এনে নিকৃষ্ট ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে আমছুৰ নেতা জনে ।
উল্লেখ্য যে,26 ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ গুৱাহাটীত অনুষ্ঠিত সভাকলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইস্তেমা বুলি ইতিকিং কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে । হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিজেপিৰ একাংশ নেতাই উচটনি মূলক বক্তব্য দি অসমৰ হিন্দু মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰি পৰিস্থিতি অগ্নিগৰ্ভা কৰিব বিচাৰিলেও সফল নহ'ব বুলি সভাত মন্তব্য কৰে আমছুৰ নেতা জনে।