ETV Bharat / state

গোৱালপাৰাৰ জলেশ্বৰত ভোটাৰৰ লানি নিছিগা শাৰী - গোৱালপাৰা

গোৱালপাৰা জলেশ্বৰ সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহতো ৰাতিপুৱাৰে পৰা ভোটাৰৰ লানি নিছিগা শাৰী৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত উৎসৱ মুখৰ পৰিৱেশ ৷

গোৱালপাৰাৰ জলেশ্বৰত ভোটাৰৰ লানি নিছিগা শাৰী
author img

By

Published : Apr 23, 2019, 5:28 PM IST

গোৱালপাৰা, 23 এপ্ৰিলঃ হিলদল ভাঙি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল ৰাজ্যৰ জনসাধাৰণ৷ গোৱালপাৰা জলেশ্বৰ সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহতো ৰাতিপুৱাৰে পৰা ভোটাৰৰ লানি নিছিগা শাৰী৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত উৎসৱ মুখৰ পৰিৱেশ ৷ বিশেষকৈ পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ মাজত দেখিবলৈ পোৱা গৈছে বেছি উছাহ ৷

গোৱালপাৰাৰ জলেশ্বৰত ভোটাৰৰ লানি নিছিগা শাৰী

এই দৃশ্য 39 নং জলেশ্বৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ভিন্ন ভোটগ্ৰহণ কেন্দ্ৰৰ ৷ পুৱাৰে পৰা পুৰুষৰ সমান্তৰালকৈ শ শ মহিলা ভোটাৰে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিছে ৷ উল্লেখযোগ্য যে পূৰ্বৱৰ্তী বিধানসভা নিৰ্বাচনত অসমৰ ভিতৰত সৰ্বাধিক ভোটদান কৰি শীৰ্ষস্থান দখল কৰিছিল জলেশ্বৰ সমষ্টিৰ ভোটাৰে ৷

Slug-Goalpara Voting,vis+byte send FTP.23-04-19

Intro -  গোৱালপাৰা জিলাৰ জলেশ্বৰত পুৱাৰে পৰা ভোটাৰৰ লানি নিছিগা শাৰী l হিলদল ভাঙি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল জনতা l মহিলাৰ মাজত ভোটদানৰ ব্যাপক উছাহ l 
V/o-গোৱালপাৰা জলেশ্বৰ সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহত ৰাতিপুৱাৰে পৰা লানি নিছিগা শাৰী ভোটাৰৰ l হিলদল ভাঙি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল জনতা l যেন ভোটদান নহয়, এয়া এক উৎসৱ হে l প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত উৎসৱ মুখৰ পৰিবেশ l বিশেষকৈ পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ মাজত বেছি উছাহ l এই দৃশ্য 39 নং জলেশ্বৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ভিন্ন ভোটগ্ৰহণ কেন্দ্ৰৰ l চাওক ৰাতিপুৱাৰে পুৰুষৰ সমান্তৰালকৈ শ শ মহিলা ভোটাৰে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিছে l উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনত অসমৰ ভিতৰত সৰ্বাধিক ভোটদান কৰি শীৰ্ষস্থান দখল কৰিছিল জলেশ্বৰ সমষ্টিৰ ভোটাৰে l এইবাৰো যেন তাৰ ব্যতিক্ৰম নহব l আকৌ ভোটদানেৰে শীৰ্ষস্থানত থাকিব নেকি জলেশ্বৰ সমষ্টি l আনফালে দেশৰ গণতান্ত্ৰিক অধিকাৰ, ভোটাধিকাৰ সাব্যস্ত কৰি গৌৰৱান্বিত নতুন প্ৰজন্মৰ ভোটাৰ l ইপিনে ই ভি এমত বন্দি হৈছে প্ৰতিজন ভোটাৰৰ মতদান l কিন্তু ধুবুৰী লোকসভাত কোনে মাৰিব শেষ হাঁহি, সেয়ালৈ চলিছে ভোটাৰৰ মাজত সৰৱ চৰ্চা l অৱশ্যে মূল যুঁজখন কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী আৰু এ আই ইউ ডি এফৰ মৌলানা বদৰুদ্দিন আজমলৰ মাজতে হব বুলি বিশেষ চৰ্চা চলিছে l
byte                                    

 গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.