ETV Bharat / state

ন্যায্য প্ৰাপ্তিৰ দাবীত গোৱালপাৰাত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

author img

By

Published : Jun 14, 2022, 5:15 PM IST

গোৱালপাৰাত অংগনবাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ (Anganwadi workers protest in Goalpara)। উচিত মজুৰি আৰু অৱসৰৰ বয়সৰ সময়সীমা 65 কৰাৰ দাবীত প্ৰতিকূল বতৰকো নেওচি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদত নামিল অংগনবাড়ী কৰ্মী তথা সহায়িকাসকলে ৷

Anganwadi worker demands for retirement compensation
ন্যায্য প্ৰাপ্তিৰ দাবীত গোৱালপাৰাত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

গোৱালপাৰা, 14 জুন : ‘‘চৰকাৰে আমাক বান্দৰৰ দৰে নচোৱাই আছে ৷ ভাৰতৰ অন্য ৰাজ্যত অংগনবাড়ী কৰ্মী তথা সহায়িকাসকলৰ মাননিৰ পৰিমাণ বেছি ৷ কিন্তু অসমতহে অতি নূন্যতম’’ ৷ চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অংগনবাড়ী কৰ্মী-সহায়িকাৰ সম্পাদক জয়মতী দাসে (Anganwadi workers protest in Goalpara) ৷

লগতে তেওঁ কয় যে, চৰকাৰে 60 বছৰত অৱসৰ দিব বিচৰিছে অংগনবাড়ী কৰ্মী তথা সহায়িকাসকলক ৷ কিন্তু চৰকাৰৰ এই সিদ্ধান্ত কোনো প্ৰকাৰে মানি লোৱা নহ’ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী অংগনবাড়ী কৰ্মী তথা সহায়িকাসকলে ৷ আনকি পঞ্জাৱত যদি অৱসৰৰ সময়সীমা 70 বছৰ আৰু বিহাৰত 65 বছৰ কৰিব পাৰে, তেন্তে অসম চৰকাৰে কিয় অৱসৰৰ বয়স 65 বছৰ কৰিব নোৱাৰে বুলিও এই প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদকাৰীসকলে চৰকাৰক প্ৰশ্ন কৰে ।

লগতে প্ৰতিবাদকাৰীসকলে অৱসৰৰ সময়ত চৰকাৰে কোনো ধৰণৰ এককালীন সাহায্যৰ ব্যৱস্থাও কৰা নাই বুলি মন্তব্য কৰে ।

ইপিনে একাংশ কৰ্মী-সহায়িকাক চৰকাৰে মে’, জুন মাহৰ পৰাই মাননি দিয়া বন্ধ কৰি দিছে ৷ চৰকাৰৰ এই কাৰ্যকো তীব্ৰ ভাষাৰে কটু সমালোচনা কৰে প্ৰতিকাৰীসকলে (Anganwadi worker demands for retirement compensation) ৷ যদিহে চৰকাৰে প্ৰতিবাদকাৰীৰ সমস্যা তথা দাবীসমূহ শীঘ্ৰে পূৰণ নকৰে, তেন্তে অনাগত সময়ত ৰাজপথত পূৰ্বতকৈ অধিক তীব্ৰ ৰূপত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী অংগনবাড়ী কৰ্মীসকলে ।

লগতে পঢ়ক : তিনি দফীয়া দাবীৰে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.