ETV Bharat / state

সুদীৰ্ঘ চল্লিশটা বছৰ পাচত মাতৃ-কন্যাৰ মহামিলন - হেৰোৱা কন্যাক কাষত পায় হুকহুকাই কান্দিলে বৃদ্ধা মাতৃগৰাকীয়ে

নগৰবেৰাৰ কল্যানপুৰ গাঁৱৰ পৰা 40 বছৰ পূৰ্বে মাতৃৰ সৈতে কৰ্মৰ সন্ধানত গুৱাহাটীলৈ আহিছিল স্বহিতন নেছা ৷ কিন্তু গুৱাহাটীতেই মাতৃৰ পৰা বিছিন্ন হৈ দহ বছৰীয়া স্বহিতন নিখোজ হৈছিল ৷ তেতিয়াৰে পৰা চাৰিটা দশক স্বহিতনৰ বৃদ্ধা মাতৃয়ে বাট চাই ৰৈছিল, হেৰোৱা ছোৱালীজনী ঘূৰি আহিব বুলি ৷

MOTHER MET HER MISSING DAUGHTER
মাতৃ-কন্যাৰ মহামিলন
author img

By

Published : Jan 15, 2020, 5:49 PM IST

গোৱালপাৰা, 15 জানুৱাৰী : এটা ফোনকলে অপেক্ষাৰ অন্ত পেলালে এগৰাকী মাতৃৰ ৷ হিন্দী চিনেমাৰ দৰে এটা কাহিনী ৷ 40 বছৰৰ পূৰ্বৰ এগৰাকী কিশোৰী ৷ বৰ্তমান তেওঁ এগৰাকী 50 বছৰ বয়সীয়া মহিলা ৷ তেওঁৰ নাম স্বহিতন নেছা ৷ নগৰবেৰাৰ কল্যানপুৰ গাঁৱৰ পৰা 40 বছৰ পূৰ্বে মাতৃৰ সৈতে কৰ্মৰ সন্ধানত গুৱাহাটীলৈ আহিছিল স্বহিতন নেছা ৷ কিন্তু গুৱাহাটীতেই মাতৃৰ পৰা বিছিন্ন হৈ দহ বছৰীয়া স্বহিতন নিখোজ হৈছিল ৷ তেতিয়াৰে পৰা চাৰিটা দশক স্বহিতনৰ বৃদ্ধা মাতৃয়ে বাট চাই ৰৈছিল, হেৰোৱা ছোৱালীজনী ঘূৰি আহিব বুলি ৷

মাতৃ-কন্যাৰ মহামিলন

সুদীৰ্ঘ 40 টা বছৰৰ হঠাৎ এদিন নগৰবেৰা ৰাজহ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাসলৈ আহিল এটা ফোন কল ৷ ফোনকলটো আহিছিল লক্ষ্নৌৰ পৰা ৷ পুত্ৰৰ সহায়ত গুগলত বিচাৰি নিজৰ জন্মস্থান উলিয়ালে স্বহিতনে ৷ তাৰ পাচতেই পালেহি গোৱালপাৰাৰ নগৰবেৰাৰ কল্যানপুৰত থকা মাতৃৰ কাষ ৷ পিছে স্বহিতন হৈ নহয়, বৰ্তমান তেওঁৰ নাম হ'লগৈ আশা দেৱী ৷ এগৰাকী হিন্দু সম্প্ৰদায়ৰ লোকৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ল আশাদেৱী ৷ চাৰি দশক পাচত নিজৰ হেৰোৱা কন্যাক কাষত পায় হুকহুকাই কান্দিলে বৃদ্ধা মাতৃগৰাকীয়ে ৷ 40 বছৰৰ পাচত যে নিজ কন্যাক এইদৰে দেখা পাব তেওঁ হয়তো সেই আশা পৰিত্যাগেই কৰিছিল ৷ নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দেখা গ'ল মাতৃ-কন্যাৰ মিলনৰ আৱেগিক দৃশ্য ৷ চকু সেমেকি উঠিল উপস্থিত থকা আনসকল লোকৰো ৷

লগতে পঢ়ক : মাঘ বিহুৰ দিনাই ক’লা পতাকাৰে স্বাগতম মুখ্যমন্ত্ৰীক

Intro:
Anchor : এবছৰ দুবছৰ নহয়, সূদীৰ্ঘ ৪০ বছৰ পিছত মিলন ঘটিল মাতৃ- কন্যাৰ। নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মিলন হল মাতৃ কন্যাৰ। কিন্তু ৪০ বছৰ হিন্দী বলয়ৰ ৰাজ্যত থাকিও পাহৰা নাই মাতৃভাষা অসমীয়া । চাওঁ আহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। Body:as_gol_15jan_801_ other_&_daughter_40_Yrs meet_tragic_spl_vis+byte_7203844.

Anchor : এবছৰ দুবছৰ নহয়, সূদীৰ্ঘ ৪০ বছৰ পিছত মিলন ঘটিল মাতৃ- কন্যাৰ। নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মিলন হল মাতৃ কন্যাৰ। কিন্তু ৪০ বছৰ হিন্দী বলয়ৰ ৰাজ্যত থাকিও পাহৰা নাই মাতৃভাষা অসমীয়া । চাওঁ আহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন।

Gfx 1 : সূদীৰ্ঘ চল্লিশটা বছৰ পাছত মাতৃ কন্যাৰ মহামিলন।

Gfx 2 : দহ বছৰ বয়সত নিখোজ হৈছিল কন্যা।

Gfx 3 : নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাতৃ কন্যাৰ মিলন।

V. O : হুবহু যেন হিন্দী চিনেমাৰ কাহিনী। হিন্দী চিনেমাত দেখাৰ দৰে এটি বাস্তৱ ঘটনা সংঘটিত হৈছে নগৰবেৰাৰ কল্যানপুৰত । আমি নগৰবেৰাৰ কল্যাণপুৰ গাৱঁৰ এগৰাকী জিয়ৰীৰ জীৱন কাহিনীৰ কথা কবলৈ লৈছো। নাম স্বহিতন নেছা।অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা আছিল স্বহিতন। দহ বছৰ বয়সত কৰ্মসূত্ৰে মাতৃৰ সৈতে গুৱাহাটীলৈ গৈ নিৰুদ্দেশ হৈছিল স্বহিতন। সেয়া আছিল চল্লিশ বছৰ পূৰ্বৰ কথা। সূদীৰ্ঘ চাৰিটা দশক ধৰি কন্যাৰ অপেক্ষাত আছিল কল্যাণপুৰৰ বৃদ্ধা মাতৃ হাজেৰা খাতুন। হঠাৎ এদিন নগৰবেৰা ৰাজহ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাসলৈ লক্ষ্ণৌৰ পৰা অহা এটা ফোনকলে সকলো অপেক্ষাৰ অন্ত পেলালে। ৪০ বছৰ পূৰ্বে হেৰাই যোৱা স্বহিতনৰ আংশিক ভাৱে মনত আছিল নগৰবেৰাৰ নাম। শিক্ষিত পুত্ৰৰ সহায়ত Google Search কৰি উলিয়ায় নগৰবেৰাৰ অৱস্থিতি। অৱশেষত চক্ৰ বিষয়াৰ সৈতে যোগাযোগ কৰি সূদুৰ লক্ষ্ণৌৰ পৰা নিজ মাতৃগৃহ বিচাৰি স্ব ভূমি নগৰবেৰা পালেহি মহিলা গৰাকী।
আৰু এইদৰে পুণৰ মিলন ঘটিল মাতৃ-কন্যাৰ।

V. O : পিছে ৪০ বছৰ পিছত পোৱা কন্যাৰ নাম সলনি হল। স্বহিতন নেছাৰ পৰা আশাদেৱী হল কন্যা। কিয়নো ইতিমধ্যে লক্ষ্ণৌৰ গোৰখপুৰৰ এগৰাকী হিন্দু সম্প্ৰদায়ৰ লোকৰ সৈতে বিৱাহ পাশত আৱদ্ধ হৈ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে স্বহিতনে।স্বহিতনৰ স্বামী পেছাত ৰাজমিস্ত্ৰী।তিনিটাকৈ সন্তানৰো মাতৃ হল আশাদেৱী। এগৰাকী BSc শিক্ষক, এগৰাকী চিকিৎসক আৰু আনগৰাকী সন্তান চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। নিজ কন্যাক কাষত পাই এইদৰে হুকহুকাই কান্দিছে বৃদ্ধা মাতৃগৰাকী। মাতৃ কন্যাৰ এই মিলনে এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। ইপিনে মাত্ৰ ১০ বছৰ বয়সতে অসমৰ বাহিৰৰ হিন্দী বলয়ৰ ৰাজ্যত থাকিও স্বহিতনে পাহৰা নাই মাতৃভাষা অসমীয়া। এয়াই অসমীয়াৰ আঁচল স্বাভিমান।

Byte 1 : চক্ৰ বিষয়া ।

Byte 2 :
ছহিতন (আশাদেৱী)

Byte 3 : ছহিতনৰ পুত্ৰ ।

Byte 4 : ছহিতনৰ মাতৃ ।

গোৱালপাৰা পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।Conclusion:Byte 1 : চক্ৰ বিষয়া ।

Byte 2 :
ছহিতন (আশাদেৱী)

Byte 3 : ছহিতনৰ পুত্ৰ ।

Byte 4 : ছহিতনৰ মাতৃ ।

গোৱালপাৰা পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.