ETV Bharat / state

হাতী গণনাৰ বাবে বন বিষয়া-কৰ্মীক জি পি এছ ব্যৱহাৰৰ প্ৰশিক্ষণ আৰণ্যকৰ

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 6:43 PM IST

Elephant Estimation 2024 : গৱেষণামুখী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ বিশেষজ্ঞসকলে অসমৰ বন বিভাগৰ বিভিন্ন সংমণ্ডলৰ ফ্ৰণ্টলাইন বন বিষয়াসকলক জি পি এছ প্ৰশিক্ষণ প্ৰদান কৰে ৷ গোৱালপাৰা বন সংমণ্ডল, পশ্চিম কামৰূপ বন সংমণ্ডল, তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডল, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ, গুইজান ৰেঞ্জ আৰু ছৈখোৱা ৰেঞ্জৰ বন বিষয়া-কৰ্মী সকলক জি পি এছ প্ৰশিক্ষণ প্ৰদান কৰে সংস্থাটোৱে ৷

Elephant Estimation 2024
হাতী গণনাৰ বাবে জি পি এছ ব্যৱহাৰৰ প্ৰশিক্ষণ

বন বিষয়া-কৰ্মীক জি পি এছ ব্যৱহাৰৰ প্ৰশিক্ষণ আৰণ্যকৰ

গুৱাহাটী, 26 ফেব্ৰুৱাৰী : 2024 বৰ্ষৰ বাবে অসমত চলি থকা হাতী গণনাৰ অংশ হিচাবে দেশৰ অন্যতম গৱেষণামুখী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ বিশেষজ্ঞসকলে অসমৰ বন বিভাগৰ বিভিন্ন সংমণ্ডলৰ ফ্ৰণ্টলাইন বন বিষয়াসকলক জি পি এছ প্ৰশিক্ষণ প্ৰদান কৰে ৷ গোৱালপাৰা বন সংমণ্ডল, পশ্চিম কামৰূপ বন সংমণ্ডল, তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডল, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ, গুইজান ৰেঞ্জ আৰু ছৈখোৱা ৰেঞ্জৰ বন বিষয়া-কৰ্মী সকলক জি পি এছ প্ৰশিক্ষণ প্ৰদান কৰে সংস্থাটোৱে ৷ গোৱালপাৰাৰ সংমাণ্ডলিক বন বিষয়া (ডি এফ অ’) তেজস মাৰিস্বামীৰ অনুৰোধ মৰ্মে আৰণ্যকৰ বিশেষজ্ঞৰ এটা দলে ডি এফ অ’ৰ কাৰ্যালয় চৌহদত সংমণ্ডলটোৰ বন বিষয়াসকলক জি পি এছ প্ৰশিক্ষণ প্ৰদান কৰে ৷

আৰণ্যকৰ জ্যেষ্ঠ বিষয়া অৰূপ কুমাৰ দাসে সংমণ্ডলটোৰ প্ৰতিজন বনকৰ্মীৰ লগতে বন বিভাগৰ হাতী গণনা বিশেষজ্ঞসকলক প্ৰশিক্ষণ আৰু হাতী গণনাৰ ব্লক মানচিত্ৰ প্ৰদান কৰে ৷ আৰণ্যকৰ বিষয়া অৰূপ দাসে কয়, “গোৱালপাৰা বন সংমণ্ডলৰ বিভিন্ন ৰেঞ্জৰ সকলো ৰেঞ্জ বিষয়াকে ধৰি প্ৰায় 70 জন বন বিষয়াই অংশগ্ৰহণ কৰা কাৰ্যসূচীত সংমণ্ডলটোৰ বিভিন্ন ৰেঞ্জৰ জি আই এছ ভিত্তিক ব্লক মানচিত্ৰ প্ৰদৰ্শন কৰা হয় ৷ গোৱালপাৰা বন সংমণ্ডলৰ প্ৰায় 15 জন কৰ্মচাৰীক জি পি এছত ব্লক সীমা আপলোড কৰাৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷"

অৰূপ দাসে আৰণ্যকৰ আন এগৰাকী বিশেষজ্ঞ মধুমিতা বৰঠাকুৰৰ সৈতে ৰাজ্যখনৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন বিষয়াসকলক জি পি এছ প্ৰশিক্ষণ প্ৰদান কৰে | 2024 চনৰ হাতী গণনাৰ ক্ষেত্ৰত কাৰিকৰী সহায়ৰ অংশ হিচাপে প্ৰদান কৰা এই প্ৰশিক্ষণত আৰণ্যকৰ বিশেষজ্ঞ সকলে হাতী গণনাত সহায়ক হোৱাকৈ ব্লক মানচিত্ৰও প্ৰস্তুত কৰে | আনহাতে তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ কে এন দাসে আৰণ্যকৰ সচিব প্ৰধান তথা মুখ্য কাৰ্যবাহী বিষয়া ড` বিভৱ কুমাৰ তালুকদাৰক জনোৱা আনুষ্ঠানিক অনুৰোধৰ ভিত্তিত সংস্থাটোৰ জ্যেষ্ঠ বিষয়া অৰূপ কুমাৰ দাসে বন সংমণ্ডলটোক জি পি এছৰ ব্যৱহাৰিক প্ৰশিক্ষণ আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে 2024 চনৰ হাতী গণনাৰ ব্লক মানচিত্ৰ প্ৰস্তুত কৰাত সহায় কৰে | ৰাষ্ট্ৰীয় উদ্যানখনত 20 ফেব্ৰুৱাৰীৰ পৰা চলি থকা হাতী গণনা 27 ফেব্ৰুৱাৰীলৈকে চলিব |

“জি পি এছ প্ৰশিক্ষণ কাৰ্যসূচীয়ে প্ৰতিটো গণনা ব্লকৰ ভিতৰত দেখা পোৱা হাতীৰ জি পি এছ অৱস্থান নিৰ্ভূলভাবে ৰেকৰ্ড কৰাৰ দক্ষতা বৃদ্ধি কৰে আৰু ই সংৰক্ষণ প্ৰচেষ্টাৰ লগতে আৱাসভূমিৰ ব্যৱস্থাপনাতো সহায় কৰে”- জি আই এছ-জি পি এছ বিশেষজ্ঞ দাসে কয় | তেওঁ আৰণ্যকৰ বিষয়া অভিষেক সৰকাৰৰ সৈতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ গুইজান ৰেঞ্জ আৰু ছৈখোৱা ৰেঞ্জৰ বন বিষয়াসকলক জি পি এছৰ প্ৰশিক্ষণ দিয়ে | গুইজান ৰেঞ্জৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত এই প্ৰশিক্ষণত জি পি এছ লগতে ক্ষেত্ৰকৰ্মত উপযোগী জি পি এছ এচেন্সিয়েল ম’বাইল এপৰ ব্যৱহৰ আৰু হাতী গণনাৰ বাবে “বেছ কেম্প ছফটৱেৰ ব্যৱহাৰ কৰি জি পি এছত ব্লক সীমা আপলোড কৰা”ৰ প্ৰশিক্ষণ দিয়া এই কাৰ্যসূচীত প্ৰায় 45-50 জন বন বিষয়াই অংশগ্ৰহণ কৰে ৷

আৰণ্যকৰ সংৰক্ষণ জীৱ বিজ্ঞানী ড৹ দীপাংকৰ লহকৰে চিৰাং বন সংমণ্ডলৰ কৰ্মচাৰীসকলক সংমাণ্ডলিক বন বিষয়াৰ কাৰ্যালয়ত হাতী গণনাৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷ হাতী সংৰক্ষণ কৰাৰ অৰ্থে ইয়াৰ সংখ্যা নিৰূপণ আৰু আৱাসভূমিৰ প্ৰয়োজনীয়তা মূল্যায়নৰ জৰিয়তে মানুহ-হাতী সংঘাত লাঘৱ কৰাৰ বাবে কৌশল যুগুত কৰাই হৈছে হাতী গণনাৰ মূখ্য উদ্দেশ্য ৷ উল্লেখ্য যে , গ্ল'বেল পজিশ্যনিং চিষ্টেম (জি পি এছ) হৈছে ভূ-ভাগত থকা এটা বস্তুৰ অৱস্থান নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা উপগ্ৰহ নিয়ন্ত্ৰিত এক ব্যৱস্থা ৷

লগতে পঢ়ক : অসমত মাইক্ৰ’বায়’লজী লেব তথা ১৭ টা ফুড ছেফটি অন হুইল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.