ETV Bharat / state

Dima Hasao Mishap: চিকাৰ কৰিবলৈ গৈ বন্ধুৰ হাতত গুলীবিদ্ধ হৈ মৃত্যুক সাৱতিলে এজন যুৱকে

ডিমা হাছাওত সংঘটিত হৈছে এক কৰুণ ঘটনা (Dima Hasao Mishap) ৷ চিকাৰ কৰিবলৈ গৈ বন্ধুৰ হাতত গুলীবিদ্ধ হৈ মৃত্যুক সাৱতিলে এজন যুৱকে ৷

চিকাৰ কৰিবলৈ গৈ গুলিবিদ্ধ যুৱকৰ মৃত্যু
চিকাৰ কৰিবলৈ গৈ গুলিবিদ্ধ যুৱকৰ মৃত্যু
author img

By

Published : Mar 8, 2022, 9:35 PM IST

ডিমা হাছাও, 8 মাৰ্চ : সোমবাৰে ডিমা হাছাওত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ হৰিণলৈ লক্ষ্য কৰি চলোৱা গুলীত গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰিল এজন যুৱক (Youth on hunting expedition accidentally shot dead by friend) ৷ এই ঘটনা সংঘটিত হৈছে মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাংগ্ৰুম গাঁৱত ৷

ঘটনা অনুসৰি, সোমবাৰে নিশা মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাংগ্ৰুম গাঁৱৰ পৰা কিছু দূৰত থকা এখন জংঘলত লামলাং পামে নামৰ এজন যুৱকে তেওঁৰ বন্ধুসহ হৰিণ চিকাৰ কৰিবলৈ গৈছিল ৷

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, জংঘলত লামলাং পামে হৰিণ শিকাৰৰ বাবে লুকাই থকা ঠাইত কিবা শব্দ হোৱাৰ উমান পোৱাৰ লগে লগে সেই শব্দ হৰিণৰ শব্দ বুলি ভাবি তেওঁৰ লগত থকা বন্ধু সকলে গুলী চালনা আৰম্ভ কৰে ৷

যাৰ ফলত হৰিণৰ ঠাইত লামলাং পামৰ গাত গুলী লাগে আৰু থিতাতে তেওঁৰ মৃত্যু হয় ৷ আনহাতে গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, পাহাৰৰ পৰা বাগৰি পৰাৰ বাবে মৃত্যু হয় লামলাং পামে নামৰ যুৱক জনৰ । পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ পাই মঙলবাৰে বিয়লি মাহুৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Arms and ammunition recovered: কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.