ETV Bharat / state

হাফলঙত চীপ লৈ যুৱকৰ আত্মহত্যা

হাফলঙত চীপ লৈ আত্মহত্যা এজন যুৱকৰ । ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বাথৰুমত চীপ লৈ আত্মহত্যা যুৱকজনৰ । কিহৰ বাবে যুৱকজনে আত্মহত্যাৰ পথ বাছি ল'লে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ।

হাফলঙত চীপ লৈ যুৱকৰ আত্মহত্যা
হাফলঙত চীপ লৈ যুৱকৰ আত্মহত্যা
author img

By

Published : May 30, 2021, 1:09 PM IST

ডিমা হাছাও,৩০ মে': ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত চিপ লৈ আত্মহত্যা এজন যুৱকৰ । শনিবাৰে সন্ধিয়া বাথৰুমত চীপ লৈ আত্মহত্যা কৰে বিবেক কাহাৰ নামৰ ২৫ বছৰীয়া যুৱকজনে । জানিব পৰা মতে, হাফলঙৰ হাগজাৰ নগৰৰ ভাড়াঘৰত থকা গোপাল কাহাৰৰ পুত্ৰ বিবেক কাহাৰে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চীপ লৈ আত্মহত্যা কৰে ।

যুৱকজনে কি কাৰণত এই চৰম পথ বাছি ল'লে সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই । স্থানীয় সূত্ৰ অনুসৰি, পৰিয়ালকেন্দ্ৰীক বিবাদৰ বাবেই বিবেক কাহাৰে আত্মহত্যাৰ পথ বাছি লয় । ইতিমধ্যে হাফলং আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক: ডিফু চিকিৎসা মহাবিদ্যালয়লৈ ক'ভিড চিকিৎসা সামগ্ৰী দান এছবিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.