ETV Bharat / state

মহামাৰীৰ পৰিপ্ৰেক্ষিতত ডিমা হাছাওত উদযাপন নহ'ল বিশ্ব খিলঞ্জীয়া দিৱস

দেওবাৰে হাফলঙৰ সদৌ ডিমাচা ছাত্ৰ সংন্থাৰ কাৰ্যালয়ত সংগঠনটোৰ সভাপতি উত্তম লাংথাচায় কয় যে,1984 চনত ৰাষ্ট্ৰসংঘই খিলঞ্জীয়া লোকসকলৰ বাবে বিশ্ব খিলঞ্জীয়া দিৱস পালনৰ কথা ঘোষণা কৰিছিল । তেতিয়াৰ পৰাই খিলঞ্জীয়া লোকসকলে আজিৰ দিনটোত বিশ্ব খিলঞ্জীয়া দিৱস পালন কৰি আহিছে ৷ ইয়ৰোপৰি খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা,উন্নয়ন আৰু ৰাজনৈতিক অধিকাৰ আদায়ৰ বাবে এই দিৱস পালন কৰা হয় বুলিও অৱগত কৰে সভাপতিগৰাকীয়ে ।

Dima hasao
ডিমা হাছাও
author img

By

Published : Aug 9, 2020, 3:14 PM IST

ডিমা হাছাও, 9 আগষ্ট: কৰ'ণা ভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবেলি ডিমা হাছাওত উদযাপন কৰা নহ'ল বিশ্ব খিলঞ্জীয়া দিৱস । 1994 চনৰ পৰা বিভিন্ন অনুষ্ঠানৰ জৰিয়তে ভাৰত তথা অসমৰ বিভিন্ন ঠাইত বাহৰ পাতি থকা খিলঞ্জীয়া লোকসকলে পালন কৰি আহিছে বিশ্ব খিলঞ্জীয়া দিৱস ৷ আজি এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে সদৌ ডিমাচা ছাত্ৰ সংস্থাৰ সভাপতি উত্তম লাংথাচাই ।

লগতে পঢ়কঃ উত্তৰ প্ৰদেশত এনকাউণ্টাৰত মৃত্যু গেংষ্টাৰ ৰাকেশ পাণ্ডেৰ

দেওবাৰে হাফলঙৰ সদৌ ডিমাচা ছাত্ৰ সংন্থাৰ কাৰ্যালয়ত সংগঠনটোৰ সভাপতি উত্তম লাংথাচায় কয় যে, 1984 চনত ৰাষ্ট্ৰসংঘই খিলঞ্জীয়া লোকসকলৰ বাবে বিশ্ব খিলঞ্জীয়া দিৱস পালনৰ কথা ঘোষণা কৰিছিল । তেতিয়াৰ পৰা খিলঞ্জীয়া লোকসকলে আজিৰ দিনটোত এই দিৱস পালন কৰি আহিছে ৷ ইয়ৰোপৰি খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা,উন্নয়ন আৰু ৰাজনৈতিক অধিকাৰ আদায়ৰ বাবে এই বিশ্ব খিলঞ্জীয়া দিৱস পালন কৰা হয় বুলিও অৱগত কৰে সভাপতিগৰাকীয়ে ।

ইয়াৰোপৰি খিলঞ্জীয়া লোকসকলৰ দাবীসমূহ লাহে লাহে পূৰণ কৰাৰ চেষ্টা চলাই আছে বুলিও জনাই সংগঠনটোৱে । অসম চুক্তিৰ 6 নম্বৰ দফাত খিলঞ্জীয়া লোকসকলৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সুৰক্ষাৰ কথা উল্লেখ আছে ৷ সদৌ ডিমাচা ছাত্ৰ সংন্থাৰ সভাপতি উত্তম লাংথাচায়ে কয় যে,অসম তথা দেশৰ বিভিন্ন ঠাইত থকা খিলঞ্জীয়া লোকসকলৰ অধিকাৰ আদায়ৰ ক্ষেত্ৰত খিলঞ্জীয়া লোকসকলৰ মাজত ঐক্যতা বজায় ৰখা একান্ত জৰুৰী হৈ পৰিছে ।

চলিত বৰ্ষত ৰাষ্ট্ৰসংঘই Indigenous peoples' resilience during the Pandemic নামে বিশ্ব খিলঞ্জীয়া দিৱস পালন কৰিছে ৷ বৰ্তমানে সমগ্ৰ পৃথিৱীতে প্ৰায় 370 মিলিয়ন খিলঞ্জীয়া লোকে বাস কৰি আছে যিসকল বিশ্বৰ সমগ্ৰ জনসংখ্যাৰ প্ৰায় 5 শতাংশক প্ৰতিনিধিত্ব কৰে ৷ বিশ্বৰ প্ৰায় 90 খন দেশত থকা এইসমূহ খিলঞ্জীয়াই প্ৰায় 7,000 ভাষা কয় আৰু 5,000 সংস্কৃতিক প্ৰতিনিধিত্ব কৰে ৷

মহামাৰীৰ পৰিপ্ৰেক্ষিতত ডিমা হাছাওত উদযাপন নহ'ল বিশ্ব আদিবাসী দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.