ETV Bharat / state

Debolal Gorlosa Press Meet: NCHAC নিৰ্বাচনক লৈ তৎপৰ বিজেপি, কংগ্ৰেছে এখনো আসন নাপায় !

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:49 PM IST

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ বিজেপি ৷ ‘‘আগন্তুক পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিব 25 খন আসন ৷ কংগ্ৰেছে এখনো আসন নাপাই ’’ এই মন্তব্য দেবলাল গাৰ্লোচাৰ ৷

Debolal Gorlosa Press Meet
NCHAC নিৰ্বাচনক লৈ তৎপৰ বিজেপি
NCHAC নিৰ্বাচনক লৈ তৎপৰ বিজেপি

হাফলং, 30 আগষ্ট : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ বিজেপি ৷ আগন্তুক স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সন্দৰ্ভত বুধবাৰে সংবাদমেল সম্বোধন কৰে বৰ্তমানৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ৷ বিজেপি চৰকাৰ আৰু পৰিষদৰ কাম কাজৰ সন্দৰ্ভত বিশেষ ক্ষতিয়ান ডাঙি ধৰাৰ লগতে কংগ্ৰেছে ভৱাৰ দৰে পৰিষদীয় নিৰ্বাচনত ফলাফল নাপাব বুলিও উল্লেখ কৰে দেবলাল গাৰ্লোচাই ৷

তেওঁ কয়,‘‘2019 চনৰ পৰিষদীয় নিৰ্বাচনত 19 টা সমষ্টিত জয়লাভ কৰি বিজেপি দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি পৰিষদ গঠন কৰিছিল ৷ এইবাৰো উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ 28 টা সমষ্টিৰ 25 টা সমষ্টিতেই বিজেপি দলে জয় লাভ কৰিব ৷ মাত্ৰ চাৰি পাঁচটা সমষ্টিত বিজেপিৰ লগতে যুজঁ হ’ব নিৰ্দলীয় প্ৰাৰ্থীৰ ৷ আগন্তুক পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত এটাও সমষ্টিত কংগ্ৰেছ দলে জয়লাভ কৰিব নোৱাৰিব ৷ সেয়ে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলংবাৰে নিৰ্বাচনত কোন সমষ্টিৰপৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব এতিয়াও ঠিক কৰিব পৰা নাই ৷ যাৰ বাবে সমৰজিৎ হাফলংবাৰে ৰাজনীতি ত্যাগ কৰিব লাগে ৷ এইবাৰ পৰিষদৰ নিৰ্বাচনত বিজেপিৰ লগত কংগ্ৰেছ কোনো যুজঁ নহয় ৷’’

আনহাতে নিৰ্বাচনত প্ৰাৰ্থীত্বক লৈ দলৰ মজিয়াত কোন ধৰণৰ সংঘাতৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে নে নাই বা এইবাৰ নতুন মুখ আহিব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত দেবলাল গাৰ্লোচাই কয় যে, স্বায়ত্ব শাসিত পৰিষদৰ 28 টা সমষ্টিৰ মাজতে বহু কেইটা সমষ্টিত একাধিক বিজেপি দলৰ প্ৰাৰ্থী আছে ৷ কিন্তু নিৰ্বাচনত নতুন প্ৰাৰ্থী আহিব নে নাহে সেই সিদ্ধান্ত ল’ব দলীয় নেতৃত্বই ৷ এই ক্ষেত্ৰত মই ভাবো প্ৰাৰ্থীত্বক লৈ বিজেপি দলৰ মাজত কোনো সংঘাত সৃষ্টি নহয় ৷

দেবলাল গাৰ্লোচাই কয় ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ডিমা হাছাও জিলাত ব্যাপক উন্নয়নমূলক কাম হৈছে ৷ যাৰ বাবে আগন্তু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলে পুনৰ সংখ্যা গৰিষ্ঠতা লাভ কৰি পৰিষদ গঠন কৰিবলৈ সক্ষম হ’ব ৷’’

লগতে পঢ়ক:Poor road condition: চৰকাৰৰ নাই কাণষাৰ; হাতে হাতে কোৰ লৈ পথ মেৰামতিত নামিল ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.