ETV Bharat / state

Dima Hasao Sports Association:হাফলঙৰ এন এল দাওলাগাপু খেলপথাৰত সুৰাৰ আড্ডা

author img

By

Published : Jun 5, 2023, 5:17 PM IST

এন এল দাওলাগাপু খেলপথাৰত সুৰাৰ বটলৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল । খেলপথাৰত যিকোনো খেল অনুষ্ঠিত হ'লে বাহিৰৰ পৰা দৰ্শকে কোনো ধৰণৰ সুৰাৰ বটল লৈ খেলপথাৰত প্ৰৱেশ কৰিব নোৱাৰে যদিও ডিমা হাছাও জিলা ক্ৰীড়া সংস্থাই কেনেদৰে এই কাৰ্য সংঘটিত কৰিলে তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে (Liquor bottles in NL Daulagupu Stadium )।

Allegation against Dima Hasao Sports Association
এন এল দাওলাগাপু খেলপথাৰ

হাফলং, ৫জুন: আকৌ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ডিমা হাছাও জিলা ক্ৰীড়া সংস্থা (Allegation against Dima Hasao Sports Association)। এইবাৰ খেলপথাৰত সুৰাপান কৰি ডিমা হাছাও জিলা ক্ৰীড়া সন্থাক লজ্জানত কৰিলে এই ক্ৰীড়া সন্থাৰ সদস্য সকলে । সোমবাৰে নিশা এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Unsocial activities in play ground at Dima Hasao)। ভাইৰাল হোৱা ভিডিঅ'টোত দেখা গৈছে হাফলং এন এল দাওলাগাপু খেলপথাৰত কেইখনমান চকী আৰু টেবুলৰ ওপৰতে সুৰাৰ বটল আৰু পানীৰ বটল পৰি আছে ।

সম্প্ৰতি হাফলঙৰ এন এল দাওলাগাপু খেলপথাৰত আৰম্ভ হৈছে ১৬ বছৰৰ অনুৰ্দ্ধ ফুটবল প্ৰতিযোগিতা (Under 16 football tournament)। জিলা ক্ৰীড়া সন্থাত খেলুৱৈ সকলক খেলৰ বাবে প্ৰস্তুত কৰা হয় (Haflong NL Daulagupu Stadium)। ৰাজ্য় চৰকাৰে খেলক প্ৰাধান্য দিয়াৰ সময়তে জিলা ক্ৰীড়া সন্থাৰ সদস্য সকলৰ এনে আচৰণে সকলোকে স্তম্ভিত কৰি তুলিছে । এই কাৰ্যই যুৱ প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে কেনে ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব তাক লৈ ৰাইজৰ মাজত চৰ্চা হৈছে । খোদ জিলা ক্ৰীড়া সন্থাৰ সদস্যসকলেই যদি খেলপথাৰৰ ভিতৰত এনে ধৰণে সুৰাপান কৰে তেনেহলে কি দৰে জিলা ক্ৰীড়া সন্থাৰ কৰ্মকর্তা সকলে ভাল খেলুৱৈৰ সৃষ্টি কৰিব পাৰিব সেই ক্ষেত্ৰতো ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য় যে এন এল দাওলাগাপু খেলপথাৰত যিকোনো খেল অনুষ্ঠিত হ'লে বাহিৰৰ পৰা দৰ্শকে কোনো ধৰণৰ সুৰাৰ বটল আৰু নিচা জাতীয় সামগ্ৰী লৈ খেলপথাৰত প্ৰৱেশ কৰিব নোৱাৰে । জিলা ক্ৰীড়া সন্থাই এনে ধৰণৰ কাৰ্য কোনেও কৰিব নোৱাৰিব বুলি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতো ক্ৰীড়া সন্থাৰ কৰ্মকর্তা সকলে নিজেই এনে নিয়ম ভংগ কৰিছে ।

দেওবাৰে নিশা ডিমা হাছাও জিলা ক্ৰীড়া সন্থাৰ কৰ্মকর্তা সকলে খেলপথাৰৰ মাজতে সুৰাপান কৰি খেলপথাৰৰ মাজতেই সুৰাৰ বটল আৰু পানীৰ বটল পেলাই থৈ যোৱাত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে । খেলপথাৰত ৰাজুহুৱাভাৱে সুৰাপান কৰি বটল আৰু পানীৰ বটল পেলাই থৈ যোৱা এই সকলৰ বিৰুদ্ধে ডিমা হাছাও জিলা ক্ৰীড়া সন্থাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক:Balasore train accident: উৰিষ্যা বালাচোৰৰ ৰে’ল দুৰ্ঘটনাত আহত ৰূপক দাসৰ ঘৰত কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.