ETV Bharat / state

আকাশ চুইছে কপিলী জলবিদ্যুত প্ৰকল্পৰ পানীয়ে!

author img

By

Published : Oct 10, 2019, 7:40 PM IST

Updated : Oct 10, 2019, 10:19 PM IST

উমৰাংচু কপিলী জলবিদ্যুৎ প্ৰকল্পস্থলীত সংঘটিত জলবিস্ফোৰণৰ চাৰিদিন পাৰ হোৱাৰ পাছতো অপৰিৱৰ্তিত হৈ আছে সামগ্ৰিক অৱস্থা । আজি পৰ্যন্ত কোনো শুং-সূত্ৰ নাই সন্ধানহীন নিপকোৰ অভিযন্তাসহ চাৰিজন কৰ্মচাৰীৰ ৷

উমৰাংচু জলবিস্ফোৰণ ট্ৰেজেদীঃ আজি পৰ্যন্ত ঘূৰি অহা স্বাভাৱিক অৱস্থা

ডিমা হাছাও,10 অক্টোবৰঃ উমৰাংচুৰ কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হোৱা ভয়াৱহ জলবিস্ফোৰণৰ চাৰিদিন ওকলি যোৱাৰ পাছতও প্ৰকল্পস্থলীলৈ ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা ৷ জলবিস্ফোৰণৰ ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে প্ৰকল্পটিৰ বিদ্যুৎ উৎপাদন ৷ জল পৰিবাহী পাইপ লাইন ফাটি যোৱাৰ ফলত শ শ ফুট ওপৰত উঠিছে জলৰ ফোৱাৰা । এই জলবিস্ফোৰণৰ পিছত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ নিপকোৰ পাৱাৰ হাউচৰ ৯০ শতাংশ কাৰিকৰী ব্যৱস্থা বিকল হৈ পৰিছে । অনিয়ন্ত্ৰিত পানীৰ সোঁতে প্ৰকল্পস্থলীৰ এখন দলং সম্পূৰ্ণৰূপে বিনষ্ট কৰি দিয়ে ৷ লগতে প্ৰকল্পটিত বিদ্যুৎ উৎপাদন বন্ধ হৈ যোৱাৰ ফলত ৰাজ্যত ব্যাপক বিদ্যুৎ সংকটে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইতিমধ্যে এনএইচপিচিকে আদি কৰি বিশেষজ্ঞৰ দল প্ৰকল্পস্থলীত আহি উপস্থিত হৈছে যদিও কপিলীৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ ফলত কোনো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ৷ কেনেকৈ এই জল বিস্ফোৰণ বন্ধ কৰিব তাক লৈ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই নিপকো কৰ্তৃপক্ষই ।

ইতিমধ্যে ত্ৰিপুৰাৰ পৰা এনডিআৰএফ আৰু হোজাইৰ পৰা এছডিআৰএফৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছে ৷ কিন্তু ঘটনা সংঘটিত হোৱাৰ চাৰিদিন পাৰ হৈ যোৱাৰ পিছতো সন্ধানহীন নিপকোৰ অভিযন্তাসহ চাৰিজন কৰ্মীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দল দুটা । আনকি মিনিটত ১০ ছেন্টিমিটাৰ বৃদ্ধি পোৱা কপিলী নৈৰ জলস্তৰৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা নাই উদ্ধাৰকাৰী দলে । বৃহস্পতিবাৰে কপিলী জলবিদ্যুৎ প্ৰকল্প স্থল আৰু নিপকো পাৱাৰ হাউচ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদৰ চিইএম দেৱলাল গাৰ্লোছাই ৷ আনহাতে ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাই বুধবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰিছিল ৷

বান্ধৰ তিনিখনকৈ গেট ইতিমধ্যেই মুকলি কৰি দিয়া হৈছে ৷ কিন্তু পানীৰ স্তৰলৈ লক্ষ্য কৰি কপিলী নৈৰ নিম্নস্তৰত যিকোনো মুহূৰ্ততে ভয়ংকৰ জলপ্ৰলয় হোৱাৰ আংশকা কৰা হৈছে ৷

উল্লেখ্য যে, প্ৰকল্পটো মেৰামতিৰ বাবে 200 কোটিৰ অনুদান দাবী কৰিছিল কেন্দ্ৰীয় চৰকাৰক ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা নাছিল কোনো আৰ্থিক অনুদান ৷ যাৰ বাবে মেৰামতিৰ অভাৱত 2014 চনৰ পৰাই অৱহেলিত হৈ পৰি আছিল প্ৰকল্পটো ৷

Intro:ডিমা হাছাও ১০ অক্টোবৰ: উমৰাংচো কপিলী জল বিদ্যুৎ প্ৰকল্প স্থলীত জল বিস্ফোৰণৰ আজি চাৰিদিন পিছত ও অৱস্থা অপৰিবৰ্তিত আছে। এতিয়াও জল পৰিবাহী পাইপ লাইন ভাঙি শ শ ফুট ওপৰত উঠিছে জলৰ ফোয়াৰা। আৰু এই জল বিস্ফোৰণৰ পিছত কপিলী জল বিদ্যুত প্ৰকল্পৰ নিপকোৰ পাৱাৰ হাউচৰ ৯০ শতাংশ ছিষ্টেম বেয়া কৰি পেলাইচে। প্ৰকল্প স্থলীৰ এখন দলং সম্পূৰ্ণ ৰূপে বিনষ্ট কৰি দিয়ে পানীৰ সতে। জল বিস্ফোৰণৰ ফলত বিদ্যুৎ উৎপাদন সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে। ইয়াৰ ফলত ৰাজ্যত বিদ্যুৎ সংকট দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইতিমধ্যে এনএইচপিসি আদিকে ধৰি বিশেষজ্ঞৰ দল প্ৰকল্প স্থলীত আহি উপস্থিত হলে ও জলৰ স্তৰ বাৰী থকাৰ কাৰণে একো কৰিব পৰা নাই। Body:ভয়ংকৰ অৱস্থা কেনেকৈ এই জল বিস্ফোৰণ বন্ধ কৰিব এই লৈ এতিয়া কোন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই নিপকো কৰ্তৃপক্ষই। আজি চাৰিদিন পিছত সন্ধানহীন নিপকোৰ অভিযন্তা সহ চাৰি জন কৰ্মীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে। এতিয়া উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা নাই উদ্ধাৰকৰি দলে মিনিটত ১০ ছেন্টিমিতাৰ কৰি জল স্তৰ বৃদ্ধি পাইছে কপিলী নৈৰ। নিপকো পয়াৰ হাউচৰ ওচৰত থকা মানুহে আতংকত ঘৰ এৰি পলাবলৈ বাধ্য হৈছে।Conclusion:আজি কপিলী জল বিদ্যুৎ প্ৰকল্প স্থল আৰু নিপকো পাৱাৰ হাউচ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদৰ চিইএম দেৱলাল গাৰ্লছায়। উল্লেখযোগ্য যোৱা ৭ অক্টোবৰ উমৰাংচো কপিলী জল বিদ্যুৎ প্ৰকল্প স্থলীত মেৰামতিৰ কামৰ সময়ত জল পৰিবাহী পাইপ লাইন ভাঙি যোৱাৰ ফলত জল বিস্ফোৰণ হৈ পাবৰ হাউচৰ টাওয়াৰ পাহাৰ দলং ভাঙি নিপকো পাবৰ হাউচৰ ৯০ শতাংশ ছিষ্টেম ধচং কৰি দিয়ে। স্থানীয় ৰাইজৰ অভিযোগ এই জল বিস্ফোৰণৰ ট্রেজেদীৰ বাবে নিপকো কৰ্তৃপক্ষৰ অৱহেলা আৰু অবৈধ কয়লা খনন।
Last Updated : Oct 10, 2019, 10:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.