ETV Bharat / state

ডিমা হাছাওত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি দুই ভাতৃ - ডিমা হাছাওত মাৰপিটৰ ঘটনাই ল’লে চূড়ান্ত ৰূপ

সাধাৰণ এটা মাৰপিটৰ ঘটনাই ল’লে চূড়ান্ত ৰূপ ৷ প্ৰায় 80 জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ বলি লিটন পাল আৰু প্ৰণৱজ্যোতি পাল নামৰ দুগৰাকী ভাতৃ (Two brothers attacked by miscreants) ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ প্ৰাথমিক তদন্ত আৰম্ভ ৷

two-brothers-attacked-by-miscreants-in-dima-hasao
ডিমা হাছাওত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি দুই ভাতৃ
author img

By

Published : Mar 21, 2022, 8:53 AM IST

ডিমা হাছাও, 21 মাৰ্চ : দৌলোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ডিমা হাছাওত সংঘটিত মাৰপিটৰ ঘটনা ৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই ভাতৃ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে দুপৰীয়া মাহুৰ বজাৰত এগৰাকী জনজাতীয় যুৱকৰ সৈতে লিটন পাল নামৰ এগৰাকী ব্যক্তিৰ মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ অৱশ্যে সেই সময়ত বজাৰখনত উপস্থিত থকা একাংশ ব্যৱসায়ীৰ মধ্যস্থতাৰ ফলত কাজিয়াৰ শাম কাটে ৷

একেদিনাই মাজনিশা প্ৰায় 1 বজাত 80 জনীয়া দুৰ্বৃত্তৰ এটা দলে লিটন পালৰ বাসগৃহত প্ৰৱেশ কৰি পালৰ লগতে ভাতৃৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলোৱাৰ অভিযোগ (Two brothers attacked by miscreants) উত্থাপিত হৈছে ৷ দুৰ্বৃত্তৰ দলটোৱে দুয়ো ভাতৃক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ ফলত দুয়োগৰাকী আঘাতপ্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত ঘটনা সম্পৰ্কে খবৰ দিয়া হয় মাহুৰ আৰক্ষীক ৷

প্ৰায় 80 জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণত আহত পাল ভাতৃদ্বয়

ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ লিটন পালৰ লগতে ভাতৃ প্ৰণৱজ্যোতি পালক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয় (Haflong Civil Hospital) লৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে পাল ভাতৃদ্বয় ৷ তদুপৰি এই সন্দৰ্ভত মাহুৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰা বুলি আৰক্ষীসূত্ৰে প্ৰকাশ কৰিছে ৷

লগতে চাওক: নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.