ETV Bharat / state

Devlal Garlosa Comments : দেৱলাল গাৰ্লোচাৰ সাম্প্ৰদায়িক মন্তব্যৰ প্ৰতিক্ৰিয়া তৃণমূল কংগ্ৰেছৰ

author img

By

Published : Feb 9, 2023, 10:07 AM IST

Updated : Feb 9, 2023, 10:43 AM IST

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদ জিলা তৃণমূল কংগ্ৰেছৰ । দেৱলাল গাৰ্লোচাৰ সংখ্যালঘু বিদ্বেষী মন্তব্যৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষকক অভিযোগ (TMC reacted on Devlal Garlosa comments) । জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমিৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ।

Dima Hasao
Dima Hasao
দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে সোচ্চাৰ তৃণমূল কংগ্ৰেছ

ডিমা হাছাও, ৯ ফেব্ৰুৱাৰী : বিতৰ্কিত মন্তব্যৰে আৰু এবাৰ সংবাদ শিৰোনামত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা (North Cachar Hills Autonomous Council) । এইবাৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে । যাৰ বাবে ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ (NCHAC CEM Devlal Garlosa) বিৰুদ্ধে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰৰ ওচৰত এখন অভিযোগ-পত্ৰ দাখিল কৰে ।

উল্লেখ্য যে যোৱা 5 ফেব্ৰুৱাৰীত উমৰাংচুত এখন সভাত ডিমা হাছাওত টুপী আৰু ক্ৰছ চিহ্নৰ স্থান নাই বুলি কোৱাৰ লগতে টুপী আৰু ক্ৰছ চিহ্ন ভয়ংকৰ বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল দেৱলাল গাৰ্লোচাই (TMC reacted on Devlal Garlosa comments) । ইয়াৰ পিছতেই ডিমা হাছাও জিলাৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল আৰু ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছ দেৱলালৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে । যোৱা 5 ফেব্ৰুৱাৰীত উমৰাংচুৰ পানিমুৰত এখন ৰাজহুৱা সভাত এই বিতৰ্কিত মন্তব্য কৰি তেওঁ দুটা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছিল ।

তেওঁ উক্ত দিনৰ সভাত ডিমা হাছাওত টুপী আৰু ক্ৰছ চিহ্নৰ স্থান নাই তথা টুপী আৰু ক্ৰছ ভয়ংকৰ বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছে (Dima Hasao TMC) । তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি আচিং জেমিৰ অভিযোগ যে দেৱলাল গাৰ্লোচাই টুপী মানে মুছলিম আৰু ক্ৰছ মানে খ্ৰীষ্টান, এই দুটা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক টাৰ্গেট কৰি এনে মন্ত্যব ৰাখিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বুধবাৰে ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমিয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ এনে ধৰণৰ বিতৰ্কিত মন্তব্যৰ তীব্ৰ গৰিহণা প্ৰদান কৰিছে ।

এই সন্দৰ্ভত আচিং জেমিয়ে সংবাদ মাধ্যমৰ আগতে কয় যে দেৱলাল গাৰ্লোচা প্ৰথমে মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ সময়ত তেওঁ সকলো ধৰ্মৰ লোকৰ উন্নয়নৰ বাবে কাম কৰি গৈছিল । আনহাতে, তেতিয়া তেওঁ কেতিয়াও এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰা নাছিল । কিন্তু বৰ্তমান আৰএছএছক সন্তুষ্ট কৰাৰ কাৰণেই তেওঁ এতিয়া বিশেষকৈ দুটা সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে এনেধৰণৰ বিতৰ্কিত মন্ত্যব কৰিছে । যাৰ বাবে এতিয়া সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে । লগতে তেওঁ কয় যে এতিয়াৰে পৰা বিজেপি দলক সংখ্যালঘু এলেকাসমূহত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ।

আনহাতে, আগন্তুক নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও মন্তব্য কৰে আচিং জেমিয়ে। ইফালে বুধবাৰে তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে জিলাখনৰ আৰক্ষী অধীক্ষ ময়ঙ্ক কুমাৰৰ লগত সাক্ষাৎ কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই কৰা এনে বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । লগতে ডিমা হাছাও জিলাত সকলো জাতি-জনগোষ্ঠীৰ মাজত যাতে শান্তি-সম্প্ৰীতি বৰ্তী থাকে তাৰ বাবে দৃষ্টি ৰখাৰ বাবেও আৰক্ষী অধীক্ষকক আহ্বান জনায় ।

লগতে পঢ়ক :Fake currency racket busted: নগাঁৱত বৃহৎ পৰিমাণৰ জালনোটসহ আটক দুজন

Last Updated : Feb 9, 2023, 10:43 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.