ETV Bharat / state

TMC membership drive: দেশত এতিয়া হিটলাৰী শাসন চলিছে: ৰিপুন বৰা

author img

By

Published : Jul 23, 2022, 10:02 PM IST

বিজেপিয়ে দেশৰ সংবিধান, গণতন্ত্ৰ আৰু লোকতন্ত্ৰক ধ্বংস কৰাৰ চেষ্টা চলাই যোৱা বুলি মন্তব্য কৰিলে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই (Ripun Bora criticize BJP) ৷ দেশত এতিয়া হিটলাৰী শাসন চলা বুলিও মন্তব্য ৰিপুন বৰাৰ ৷

Many people join TMC in Dima Hasao
‘দেশত এতিয়া হিটলাৰী শাসন চলিছে’ ক’লে ৰিপুন বৰাই

ডিমা হাছাও, 23 জুলাই: শনিবাৰে ডিমা হাছাওত তৃণমূল কংগ্ৰেছৰ জিলা কাৰ্যালয়টোৰ উদ্বোধন কৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই (TMC President Ripun Bora) ৷ লগতে ৰিপুন বৰাই হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এখন কৰ্মী সভাত যোগদান কৰে (Ripun Bora at Dima Hasao) । এই সভাত ডিমা হাছাও জিলাৰ বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি অহা শতাধিক নেতা কৰ্মীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে (Many people join TMC in Dima Hasao) ।

সভাখনত উপস্থিত থাকি ৰিপুন বৰাই কয়, ‘‘মাত্ৰ তিনি মাহ আগতে ৰাজ্যত তৃণমূল কংগ্ৰেছে আত্মপ্ৰকাশ কৰে আৰু এই তিনি মাহৰ ভিতৰতে ডিমা হাছাও জিলাত আমি তৃণমূল কংগ্ৰেছ দলক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো । ইয়াৰ পৰাই প্ৰমাণিত হয় যে অসমৰ এই পাহাৰীয়া জিলাৰ মানুহে তৃণমূল কংগ্ৰেছক আঁকোৱালি লৈছে ।’’

দেশত এতিয়া হিটলাৰী শাসন চলিছে’ ক’লে ৰিপুন বৰাই

লগতে কলে, অসমত এতিয়া কোনো শক্তিশালী বিৰোধী ৰাজনৈতিক দল নাই, যাৰ বাবে ৰাইজে এটা শক্তিশালী বিৰোধী দল বিচাৰিছে ৷ সেয়ে অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছ দলক আঁকোৱালি লৈছে বুলিও মন্তব্য কৰে ৰিপুন বৰাই ৷ ইয়াৰ লগতে, বিজেপি দল বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিৰোধী দলে মাত মাতিলে এতিয়া চিবিআই, ইডি, ইনকাম টেক্স আদিৰ আওতালৈ নি তথা যিকোনো প্ৰকাৰে দেশদ্ৰোহীতাৰ দৰে গোচৰ জাপি দিয়া হয় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰিপুন বৰাই (Ripun Bora criticize BJP) ৷

তাৰোপৰি বিজেপিয়ে দেশৰ সংবিধান, গণতন্ত্ৰ আৰু লোকতন্ত্ৰক ধ্বংস কৰাৰ চেষ্টা চলাই অহা বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷ দেশত এতিয়া হিটলাৰী শাসন চলিছে বুলি মন্তব্য কৰি চাৰিওফালে সাধাৰণ ৰাইজক মূল্যবৃদ্ধিৰ দ্বাৰা জ্বলাকলা খুৱাইছে বুলিও উল্লেখ কৰে তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

বিজেপি চৰকাৰক এক জনবিৰোধী চৰকাৰ বুলিও আখ্যা দিয়ে নেতাগৰাকীয়ে ৷ আনহাতে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত তৃণমূল কংগ্ৰেছে নিজাকৈ প্ৰাৰ্থী আগবঢ়াব বুলি সদৰি কৰে সভাপতিগৰাকীয়ে । 2024 ৰ লোকসভা নিৰ্বাচনত ( 2024 lok sabha elections ) তৃণমূল কংগ্ৰেছে এক শক্তিশালী বিৰোধী দল হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি মন্তব্য কৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক: Moina Nayak Incident: মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবেই ৰুদ্ৰ চেটাৰ্জীক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.