ETV Bharat / state

ডিমা হাছাওত মৃত্যুৰ কিৰিলি: ভূমিস্খলনৰ ফলত এটি শিশুৰসহ তিনি জনৰ মৃত্যু - three people die with a child due to landslide in dima hasao

ক্ৰমাৎ ভয়াবহ হৈ পৰিছে ডিমা হাছাওৰ পৰিস্থিতি(Dima Hasao situation is pathetic) । পদে পদে বাহিছে বিপদ । ভূমিস্খলনে লৈছে ভয়াবহ ৰূপ । ভূমিস্খলনত প্ৰাণ গ'ল শিশুসহ তিনিগৰাকীৰ ।

three people die with a child due to landslide in dima hasao
ডিমা হাছাওত মৃত্যুৰ কিৰিলি: ভূমিস্খলনৰ ফলত এটি শিশুৰসহ তিনি জনৰ মৃত্যু
author img

By

Published : May 14, 2022, 5:24 PM IST

ডিমা হাছাও,১৪ মে: ডিমা হাছাও জিলাত ভয়ংকৰ পৰিৱেশ(Dima Hasao situation is pathetic) । হাফলংৰ ওচৰতে হকাইপুনজি গাঁৱত ভূমিস্খলনৰ ফলত এগৰাকী শিশুসহ তিনিগৰাকীৰ মৃত্যু ঘটে । এই হৃদয়বিদাৰক ঘটনা সংগঠিত হয় শনিবাৰে দিনৰ ভাগত ।

ডিমা হাছাও জিলাত যোৱা তিনি দিনৰ পৰা প্ৰচণ্ড বৰষুণ অব্যাহত থকাৰ বাবে জিলাৰ বিভিন্ন ঠাইত এনে ভূমিস্খলন হৈ প্ৰচুৰ পৰিমাণে ক্ষয়ক্ষতি হৈছে । ভূমিস্খলৰ ফলত ভূ-পতিত হৈছে বহু লোকৰ বাসগৃহ ।

ডিমা হাছাওত মৃত্যুৰ কিৰিলি: ভূমিস্খলনৰ ফলত এটি শিশুৰসহ তিনি জনৰ মৃত্যু

হাফলং আৰক্ষী থানাৰ অন্তৰ্গত হকাইপুনজি গাঁৱত আজি দিনৰ ভাগত এটা বাসগৃহৰ ওপৰত পাহাৰৰ মাটি খহি পৰাৰ ফলত ঘৰটোত তিনি গৰাকী লোকৰ মৃত্যু হয় । এই তিনিগৰাকীৰ ভিতৰত আছিল এটি ৪ বছৰীয়া শিশুও ।

ভূমিস্খলনৰ ফলত মৃত্য হোৱা তিনি গৰাকী লোক হল পেৰামচুইলুংবে জেমি, কিচেতুং জেমি, নিচুং লুংলে জেমি বুলি জানিব পৰা গৈছে । বাতৰি সংগ্ৰহৰ সময়লৈ মৃত এটাও মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: শিলচৰ সাংসদ-শাসক দলৰ নেতাৰ ব্যক্তিগত স্বাৰ্থৰ বাবেই ডলু বাগিচাত উচ্ছেদ: কমলাক্ষ্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.