ডিমা হাছাও, 13 জুন: পানীৰ তীব্ৰ সংকটত ভুগিছে হাফলংবাসী ৷ বিগত 12 মাহে দৰমহা নোপোৱাৰ ফলত হাফলঙৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী সকলে কৰ্মবিৰতি ঘোষণা কৰাৰ পিছৰে পৰা হাফলংত পানী যোগান বন্ধ হৈ পৰে। 12 মাহৰ দৰমহা মুকলি কৰি দিয়াৰ দাবীত 4 জুনৰ পৰা কাম বন্ধ কৰি দিছে বিভাগটোৰ কৰ্মচাৰী সকলে ৷ ফলত হাফলঙত এতিয়া খোৱা পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
লগতে পঢ়কঃ লাডাখ বিবাদ: ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ চীন ভ্ৰমণক স্মৰণ জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ
স্তব্ধ হৈ পৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ট্ৰিটম্যানট প্লেণ্টৰ কাম কাজ। পানীৰ সমস্যা দেখা দিছে হাফলংৰ বিভিন্ন কোৱাৰেন্টাইন চেণ্টাৰটো। আনহাতে প্ৰতি 500 লিটাৰ পানী 500 টকাত বিক্ৰী কৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে।
উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ দৰমহা অনলাইনযোদে দিয়াৰ ব্যৱস্থা কৰাৰ পাছতে ৰিটেনচন নথকাৰ ফলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 538 গৰাকী কর্মচাৰীৰ 12 মাহৰ পৰা দৰমহা বন্ধ হৈ আছে ৷