ডিমা হাছাও, 23 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে শনিবাৰে ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙতো নেতাজী সুভাষ চন্দ্ৰ বসুৰ 124 সংখ্যক জন্ম জয়ন্তী দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৷ নেতাজী জন্ম জয়ন্তী উদযাপন কমিটিৰ উদ্যোগত আৰু বাঙালী কল্যান পৰিষদৰ সহযোগত হাফলং পুথিভঁৰাল ভৱনত পালন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী ৷
এই উপলক্ষে পুৱা হাফলং পুথিভঁৰাল ভৱনৰ পৰা নেতাজীৰ প্ৰতিকৃতি লৈ এক শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্ৰা হাফলং চহৰ পৰিভ্ৰমণ কৰা পিচতেই পুনৰ পুথিভঁৰাল ভৱনত সামৰণি পৰে।
ইয়াৰ পিচতে আজাদ হিন্দ বাহিনীৰ পতাকা উত্তোলন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ডেনিয়েল লাংথাচায় । নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী লগত সংগতি ৰাখি আয়োজন কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা, ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুয়া, পাৰ্বত্য পৰিষদৰ কাৰ্য নিৰ্বাহক সদস্য নন্দিতা গাৰ্লচা, পৰিষদৰ সদস্য লিটন চক্ৰৱৰ্তী, ঈশ্বৰি প্ৰসাদ যৈইচি আদি।
লগতে পঢ়ক: গণতন্ত্ৰ দিৱসত প্ৰদৰ্শিত হ’ব বাংলাদেশৰ ঘৰুৱা বন্দুক BD-08