ETV Bharat / state

হাফলঙত 7 শিশুৰ দেহত কৰ'ণাৰ অৱস্থিতি - seven children hospitalised in Haflong due to covid

হাফলং অসামৰিক চিকিৎসালয়ত ৭ টা শিশু ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । ইয়াৰ মাজত ৬ মহীয়া এটা শিশুৰো চিকিৎসা চলি আছে ৷ শিশুৰ দেহত কৰ’ণাৰ অৱস্থিতি চিন্তাৰ বিষয় হৈ পৰিছে ৷

covid
হাফলঙত চিকিৎসাধীন কৰ'ণাত আক্ৰান্ত ৭ গৰাকী শিশু
author img

By

Published : Jun 29, 2021, 6:46 PM IST

ডিমা হাছাও, ২৯ জুন : দেশত কৰ'ণাৰ (Corona) দ্বিতীয় ঢৌ অব্যাহত থকাৰ মাজতে শেহতীয়া তৃতীয় ঢৌ (Third wave) সন্দৰ্ভত চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ । কিয়নো বিশেষজ্ঞসকলে দাবী কৰা মতে, যদিহে ক'ভিড স্বাস্থ্যবিধি সঠিক ৰূপত পালন কৰা নহয়, তেনেহ'লে দেশত তৃতীয় ঢৌ অহাটো অনিবাৰ্য । বিশেষজ্ঞসকলৰ ধাৰণা অনুসৰি, এই তৃতীয় ঢৌত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব শিশুসকল ।

ইতিমধ্যে এই তৃতীয় ঢৌৰ বাবে সাজু হৈছে বিভিন্ন ৰাজ্য । কিন্তু ইয়াৰ মাজতে অসমবাসীৰ বাবে এক উদ্বেগজনক খবৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তত কেইবাটাও শিশু শেহতীয়াকৈ নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । ডিমা হাছাও জিলাতো শিশুসকলৰ মাজত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে ।

হাফলং অসামৰিক চিকিৎসালয়ত বৰ্তমান ৭ টা শিশু ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । কৰ'ণা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যত বিদ্যালয় বন্ধ আছে । ইতিমধ্যে বাতিল কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ।

কিন্তু বিদ্যালয় বন্ধ থকাৰ সময়চোৱাত ডিমা হাছাওত চলিছে গ্ৰুপ টিউচন । যাৰ বাবে সকলোৱে সন্দেহ কৰা মতে ইয়াৰ বাবে শিশুসকল কৰ'ণাত আক্ৰান্ত হৈছে । হাফলং অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ কল্পনা কেম্প্ৰাইয়ে জানিবলৈ দিয়া মতে বৰ্তমানে হাফলং অসামৰিক চিকিৎসালয়ত কোভিডত আক্ৰান্ত হৈ ৭ টা শিশু চিকিৎসাধীন হৈ আছে । তেওঁ লগতে কয় যে ইয়াৰ মাজত ৬ মহীয়া এটা শিশুৰো চিকিৎসা চলি আছে চিকিৎসালয়খনত ।

পিতৃ-মাতৃসকলক অধিক সাৱধান হোৱাৰ বাবে আহ্বান জনাই ডাঃ কল্পনা কেম্প্ৰাইয়ে কয় কোনো অৱস্থাতেই শিশুসকলক লৈ যাতে অভিভাৱকসকল বাহিৰলৈ আৰু ৰাজহুৱা স্থানত ওলাই নাযায় । বহুতে সন্দেহ কৰা মতে ৰাজ্যত তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হৈছে । লগতে তৃতীয় ঢৌত শিশুসকল আক্ৰান্ত হ'ব বুলি যি আশংকা কৰা হৈছিল, সেয়া অসমত আৰম্ভ হোৱাৰ আশংকা কৰিছে বহুতে ।

লগতে পঢ়ক: বিলাসীপাৰাত বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত মন্ত্ৰী বিমল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.