ETV Bharat / state

'গাৰ্লচাৰ পদত্যাগৰ প্ৰশ্নই নুঠে' : কংগ্ৰেছক উভতি ধৰিলে বিজেপিয়ে

author img

By

Published : Jul 2, 2020, 10:42 AM IST

দেৱলাল গাৰ্লচাৰ পদত্যাগৰ দাবী কংগ্ৰেছৰ ৷ কংগ্ৰেছৰ দাবীক সমালোচনা বিজেপিৰ ৷ গাৰ্লচাৰ পদত্যাগৰ প্ৰশ্নই নুঠে বুলি বিজেপিৰ মন্তব্য ৷

গাৰ্লচাৰ পদত্যাগৰ দাবী কংগ্ৰেছৰ
কংগ্ৰেছক উভতি ধৰিলে বিজেপিয়ে

ডিমা হাছাও, 1 জুলাই : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাৰ পদত্যাগৰ বিষয়টোক লৈ সন্মুখ সমৰত নামিছে কংগ্ৰেছ-বিজেপি ৷ মঙলবাৰে হাফলং ৰাজীৱ ভৱনত এক সংবাদমেলৰ আয়োজন কৰি ডিমা হাছাও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কালীজয় চেংয়ুঙে গাৰ্লচাৰ পদত্যাগৰ দাবী জনায় ৷ কংগ্ৰেছৰ এই দাবীৰ পাচতে সৰৱ হৈ উঠিছে ডিমা হাছাও জিলা বিজেপি ৷ বুধবাৰে সন্ধিয়া ডিমা হাছাও জিলা বিজেপি হাফলং বাজপেয়ী ভৱনত এখন সংবাদমেল পাতি কংগ্ৰেছৰ এই দাবী অস্বীকাৰ কৰে বিজেপিয়ে ৷

কংগ্ৰেছক উভতি ধৰিলে বিজেপিয়ে

সংবাদমেলত জিলা বিজেপিৰ সাধাৰণ সম্পাদক সুজয় লাংথাচাই কংগ্ৰেছ দলৰ এই দাবীক সমালোচনা কৰে ৷ মঙলবাৰে কংগ্ৰেছ নেতা কালীজয় চেংয়ুঙে দেৱলাল গাৰ্লচাক নৈতিক দায়িত্ব আৰু আদৰ্শ নীতি মানি পদত্যাগ কৰা উচিত বুলি কৰা মন্তব্যৰ সমালোচনা কৰি সুজয় লাংথাচাই কয় যে, কংগ্ৰেছ দলে আদৰ্শ আৰু নীতিৰ কথা কোৱাৰ কোনো অধিকাৰ নাই ।

সংবাদমেলত বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে, কংগ্ৰেছ দলৰ নীতি আদৰ্শ থকা হ'লে পূৰণেন্দু লাংথাচা আৰু নিন্দু লাংথাচা জীয়াই থাকিলেহেঁতেন । কিয়নো 90 দশকত পাহাৰীয়া জিলাখনৰ যুৱক-যুৱতীসকল বিভিন্ন সুযোগ-সুবিধাৰ পৰা বঞ্চিত হৈ সশস্ত্ৰ আন্দোলনৰ পথত আগবাঢ়িছিল ৷ সেই সময়ত কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ চৰকাৰৰ শাসন আছিল ৷ ইমানতেই নহৈ 2007 চনত পূৰণেন্দু আৰু নিন্দু লাংথাচাৰ হত্যা হোৱাৰ পিছত তৎকালীন কংগ্ৰেছ চৰকাৰে কোনো তদন্ত লোৱা আছিল বুলি সুজয় লাংথাচাই মন্তব্য কৰে ৷ তেওঁ কয় যে, আমাৰ বিচাৰ ব্যৱস্থাৰ ওপৰত আস্থা আছে । আদালতে যি সিদ্ধান্ত গ্ৰহণ কৰিব বিজেপি দলে সেয়া মূৰ পাতি গ্ৰহণ কৰিব ৷ পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দেৱলাল গাৰ্লচাই পদত্যাগ কৰাৰ প্ৰশ্নই নুঠে বুলি সংবাদমেলত মন্তব্য কৰে বিজেপিৰ সাধাৰণ সম্পাদক সুজয় লাংথাচাই ।

লগতে পঢ়ক : দেশৰ বিভিন্ন ৰাজ্যৰ COVID-19 ৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.