ETV Bharat / state

ক'ভিড প্ৰট'কল মানি ডিমা হাছাওৰ বিদ্যালয়ত আৰম্ভ কৰা হ'ল নিয়মীয়া পাঠদান - আৰম্ভ

ডিমা হাছাও জিলাত খোলা হ'ল বিদ্যালয় ৷ সম্পূৰ্ণ 240 দিনৰ অন্তত খোলা হ'ল বিদ্যালয় ৷ দুটা দলত ছাত্ৰ-ছাত্ৰীৰ পাঠদান আৰম্ভ ৷

Regular lessons have been started in the district of Dima Hasao
ক'ভিড প্ৰট'কল মানি ডিমা হাছাওৰ বিদ্যালয়ত আৰম্ভ কৰা হ'ল নিয়মীয়া পাঠদান
author img

By

Published : Nov 2, 2020, 5:45 PM IST

ডিমা হাছাও, 2 নৱেম্বৰ: দীৰ্ঘ দিনৰ বিৰতিৰ পিচত ৰাজ্যৰ অন্য জিলাৰ লগতে ডিমা হাছাও জিলাতো বিদ্যালয় সমূহত নিয়মীয়া পাঠদান আৰম্ভ হৈছে । সম্পূৰ্ণ 240 দিনৰ পিচত ডিমা হাছাও জিলাৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয় সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদান আৰম্ভ কৰা হৈছে ।

Regular lessons have been started in the district of Dima Hasao
ক'ভিড প্ৰট'কল মানি ডিমা হাছাওৰ বিদ্যালয়ত আৰম্ভ কৰা হ'ল নিয়মীয়া পাঠদান

ৰাজ্য চৰকাৰে ধাৰ্য কৰি দিয়া ক'ভিড প্ৰট'কল মানি আৰম্ভ কৰা হৈছে বিদ্যালয় সমূহত পাঠদান । ৰাতিপুৱা 8 বজাৰ পৰা 12 বজালৈ আৰু 12:30 পৰা 3:30 বজালৈ দুটা দলত চলিব পাঠদান । এটা শ্ৰেণী কক্ষত 20 গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ বিদ্যালয় সমূহত চলিব পাঠদান । সোমবাৰ, বুধবাৰ, আৰু শুকুৰবাৰে অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান হ'ব । মঙলবাৰ , বৃহস্পতি আৰু শনিবাৰে সপ্তম, নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান কৰা হ'ব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত পাঠদান আৰম্ভ হৈছে যদিও পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : বেংগালুৰু বিমান বন্দৰত জব্দ বহুলক্ষাধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.