হাফলং, ৬ এপ্ৰিল : ডিমা হাছাও জিলাৰ সমাজকৰ্মী ৰামকুইৱাংবে জেনিয়ে গ্ৰহণ কৰিলে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী (Padma Awards to Social worker Ramkuiwangbe Jene)। বুধবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে এই বঁটা । ৰাষ্ট্ৰপতি ভৱনৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত দেশৰ গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিছিল ২০২৩ বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰাপকসকলৰ নাম । বঁটাপ্ৰাপক সমাজকৰ্মী ৰামকুইৱাংবে জেনি অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ লোদী গাঁৱৰ বাসিন্দা । তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া (Social worker Ramkuiwangbe Jene of Assam)।

তেওঁ ১৯৭৫ চনত স্বাধীনতা সংগ্ৰামী ৰাণী মা গাইদিলিউৰ ব্যক্তিগত সচিব ৰূপে ও কাৰ্য নিৰ্বাহ কৰিছিল । ইয়াৰ উপৰিও ডিমা হাছাও জিলাত মহিলাসকলৰ শিক্ষাৰ ক্ষেত্ৰত ৰামকুইৱাংবে জেনি নিউমেৰ বৃহৎ অৱদান আছে । ইফালে সাংস্কৃতিক ক্ষেত্ৰত ৰামকুইৱাংবে জেনি নিউমেৰ অৱদানো কেতিয়াও নুই কৰিব নোৱাৰি । নগা জনগোষ্ঠীৰ হেৰেকা ধৰ্মক ৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত আজীৱন কাম কৰি যোৱাৰ বাবে ৰামকুইৱাংবে জেনি নিউমেৰ নাম পদ্মশ্ৰী বঁটাৰ বাবে মনোনীত কৰিছিল গৃহ মন্ত্ৰণালয়ে ।

দেশৰ এই সৰ্বোচ্চ সন্মান তেওঁৰ বাবে এক ডাঙৰ প্ৰাপ্তি বুলি মন্তব্য কৰিছে সমাজকৰ্মী ৰামকুইৱাংবে জেনি নিউমেয়ে । সমাজ কৰ্মী হিচাপে অৱদান আগবঢ়াই অহা ৰামকুইৱাংবে জেনি নিউমেই দেশৰ এই অসামৰিক সৰ্বোচ্চ বঁটা লাভ কৰি ডিমা হাছাও জিলাৰ বাবেই নহয় সমগ্ৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে ।
উল্লেখ্য যে এইবাৰে সৰ্বমুঠ ৯২ গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে ৷ তাৰ ভিতৰত অসমৰ তিনিগৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান (Padma Shri 2023 to Assamese)৷ তেওঁলোক হৈছে শিপিনী হেমপ্ৰভা চুতীয়া (Weaver Hemprabha Chutia), মুখাশিল্পী হেমচন্দ্ৰ গোস্বামী (Mask Artist Hem Chandra Goswami) আৰু সমাজকৰ্মী ৰামকুইৱাংবে জেনি (Social worker Ramkuiwangbe Jene)৷
লগতে পঢ়ক :Raveena Tandon: চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী গ্ৰহণ বলীউডৰ অভিনেত্ৰী ৰবীনা টেণ্ডনৰ