ডিমা হাছাও,24 মাৰ্চ: দল বিৰোধী কাম কৰি বিজেপি দলৰ পৰা বহিষ্কৃত হ'ল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বিজেপি সদস্য ৰাহুল নাইডিং । বুধবাৰে বিয়লি হাফলং বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনে ।
সংবাদমেলত ধনপাইনন থাওচেনে কয়, মঙলবাৰে মাহুৰৰ জোৰাই বাটাৰি গাঁৱত নিশা 12 বজাত এখন সভা পাতি দলৰ বিৰুদ্ধে গৈ অন্য দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই দলৰ নিয়ম-নীতি উলংঘা কৰাৰ বাবে ৰাহুল নাইডিঙক বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কৃত কৰা হয় ৷ উল্লেখযোগ্য যে, বিগত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত মাহুৰ সমষ্টিৰ পৰা জয় লাভ কৰিছিল ৰাহুল নাইডিঙে ৷ কিন্তু দলৰ অনুশাসন ভংগ কৰাৰ অভিযোগত বুধবাৰে বিজেপি নেতা গৰাকীক দলৰ পৰা বহিষ্কৃত কৰে ৷
লগতে পঢ়ক: শিৱসাগৰত কংগ্ৰেছৰ ৰেলী