ETV Bharat / state

কৃষি আইনৰ বিৰোধিতাৰে ডিফুত সংবাদমেল

author img

By

Published : Dec 22, 2020, 9:48 PM IST

বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে চি পি আই (এমএল) ৰ হিলছ পার্টী কমিটীয়ে ডিফুত এক সংবাদমেলৰ আয়ােজন কৰে ৷ সংবাদমেলত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে হিলছ পাৰ্টী কমিটীয়ে ৷

press-meet-in-diphu
কৃষি আইনৰ বিৰোধিতাৰে ডিফুত সংবাদমেল

ডিফু, 22 ডিচেম্বৰ : কেন্দ্রীয় চৰকাৰৰ বিতর্কিত কৃষি আইনক কেন্দ্র কৰি দেশজুৰি তীব্র প্রতিক্রিয়া অব্যাহত থকাৰ সমান্তৰালভাৱে তিনিওখন আইনক লৈ সৰৱ হৈ পৰিছে বিৰোধী দলসমূহে ৷

কৃষি আইনৰ বিৰোধিতাৰে ডিফুত সংবাদমেল

মঙলবাৰে চি পি আই (এমএল) ৰ হিলছ পার্টী কমিটীয়ে ডিফুত এক সংবাদমেল আয়ােজন কৰি কৃষি আইনকেইখনক কঠোৰ ভাষাৰে সমালােচনা কৰে । দলটোৰ শীর্ষনেতা ৰবি কুমাৰ ফাংছ'ৱে সংবাদমেল সম্বোধন কৰি বহু বিতর্কিত আইন কেইখনক সমালােচনাৰ লক্ষ্য কৰি উক্ত তিনিওখন আইনৰ বিৰোধিতাৰে দলটোৱে 29 ডিচেম্বৰত ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানত এক ধর্ণা কার্যসূচী ৰূপায়ণ কৰিব বুলি ঘােষণা কৰি এই সকলােৰে সহযােগিতা কামনা কৰে ।

কে এন চি এৰ সভানেত্রী প্রতিমা ইংহিপীয়েও সংবাদমেলত কৃষি আইন সন্দর্ভত সৰৱ হৈ চৰকাৰে কৃষিখণ্ডক পুঁজিপতিৰ হাতত অৰ্পন কৰা বুলি অভিযোগ প্ৰদান কৰে ৷

লগতে পঢ়ক : দেশৰ সম্পদসমূহত প্ৰতিগৰাকী নাগৰিকৰ সমান অধিকাৰ আছে : প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.