ETV Bharat / state

কেনেদৰে চলিছে হাফলং চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্মাৰ্ট ক্লাছ ? - টেট উত্তীৰ্ণ শিক্ষক নিযুক্তি

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত হাফলং চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত স্মাৰ্ট ক্লাছৰ বাবে নিৰ্মাণ কৰা হৈছিল অতিৰিক্ত শ্ৰেণী কোঠা ৷ এই শ্ৰেণী কোঠাত স্মাৰ্ট ক্লাছৰ বাবে স্মার্ট ব’র্ডৰ লগতে অন্যান্য সামগ্ৰীও মজুত ৰখা হৈছিল ৷ কিন্তু সকলো সা-সুবিধা থকাৰ পাচতো বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে স্মাৰ্ট ক্লাছৰ পৰা বঞ্চিত হোৱা অভিযোগ উত্থাপন হৈছে ৷

Haflong Government Higher Secondary School
কেনেদৰে চলিছে হাফলং চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্মাৰ্ট ক্লাছ ?
author img

By

Published : Jun 25, 2021, 9:18 PM IST

ডিমা হাছাও, 25 জুন : 1951 চনত স্থাপিত হোৱা হাফলং চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঠনিৰ বাবে এতিয়া শিক্ষাদান তথা পাঠদানৰ ক্ষেত্ৰত ব্যাপক সমস্যাই দেখা দিছে ৷ জানিব পৰা মতে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত এই বিদ্যালয়খনত স্মাৰ্ট ক্লাছৰ বাবে নিৰ্মাণ কৰা হৈছিল অতিৰিক্ত শ্ৰেণী কোঠা ৷ এই শ্ৰেণী কোঠাত স্মাৰ্ট ক্লাছৰ বাবে স্মার্ট বর্ডৰ লগতে অন্যান্য সামগ্ৰীও মজুত ৰখা হৈছিল ৷ কিন্তু সকলো সা-সুবিধা থকাৰ পাচতো বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে স্মাৰ্ট ক্লাছৰ পৰা বঞ্চিত হোৱা অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি হাফলং উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্মাৰ্ট ক্লাছৰ শ্ৰেণী কোঠা বৰ্তমান হৈ পৰিছে এতিয়া বিদ্যালয়ৰ কেন্টিন ৷ ইতিমধ্যে বিদ্যালয়খনৰ স্মাৰ্ট ক্লাছৰ কোঠাত কেন্টিন চলোৱাৰ পৰিপেক্ষিতত স্মাৰ্ট ক্লাছৰ সা-সামগ্ৰী সমূহো নষ্ট হ'বলৈ আৰম্ভ কৰিছে ৷ এই ক্ষেত্ৰত জিলাৰ শিক্ষা বিবাগ অৱগত হয় যদিও আজি কোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ সচেতন লোকে ৷

কেনেদৰে চলিছে হাফলং চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্মাৰ্ট ক্লাছ ?

উল্লেখ্য যে, যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দেশৰ বিশেষ পাঁচখন ৰাজ্যৰ মাজলৈ অসমখনক লৈ যোৱা কথা কৈ আহিছে সেই সময়তে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰৰ দুৰ্বল আন্তঃগাঁঠনিয়ে চৰকাৰৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে ৷ কিয়নো স্পষ্টভাৱে অধিক সময় ধৰি বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাততে আছিল ৰাজ্যৰ শিক্ষা বিভাগ ৷ উল্লেখ কৰিলে হয়তো ভুল নহ'ব, ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে আৰম্ভ হৈছিল বৃহৎ টেট উত্তীৰ্ণ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ লগতে শিক্ষা বিভাগে লাভ কৰিছিল আধুনিকতাৰ এক নতুন মাত্ৰা ৷

যি কি নহওক, হাফলং চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ স্বপন কুমাৰ বৰ্মনে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে বিদ্যালয় খনৰ বিদ্যুতৰ বিল আদায় নিদিয়াৰ বাবে বিদ্যালয়ত বিদ্যুৎ সংযোগ বিছিন্ন কৰি দিছিল বিদ্যুৎ বিভাগে ৷ এবছৰ বিদ্যালয়খনত বিদ্যুৎ সংযোগ বিছিন্ন হৈ আছিল ৷ কিন্তু যোৱা বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়তে 11 হাজাৰ টকাৰ বিদ্যুতৰ বিল আদায় দিয়াৰ পিচতে পুনৰ বিদ্যুৎ সংযোগ কৰে বিদ্যুৎ বিভাগে ৷ আদায় দিবলৈ বাকী থকা তিনি লাখ টকা বিদ্যুতৰ বিল আদায় দিয়াৰ পিচতে বিদ্যুৎ সংযোগ নিয়মিত হয় ।

তেওঁ কয়, যোৱা বছৰত কোভিড-19 ৰ বাবে এই বিদ্যালয়খনত কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছিল ৷ তেতিয়া বিদ্যালয়ৰ খনৰ স্মাৰ্ট ক্লাছৰ শ্ৰেণী কোঠাটো বিভিন্ন সামগ্ৰী থোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল । তদুপৰি যোৱা এবছৰৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল নিয়মীয়াকৈ বিদ্যালয় লৈ অহা নাই বুলি সদৰি কৰিছে স্বপন কুমাৰ বৰ্মনে ৷

ইমানে নহয়, "বিদ্যালয়খনত চহৰ অঞ্চলৰ বাহিৰেও গাঁও সমূহৰ বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে ৷ বিদ্যালয়খনৰ কেইবাজনো ছাত্ৰ-ছাত্ৰীৰ ক'ভিডত আক্ৰান্ত হোৱাৰ পাচতে ছাত্ৰ-ছাত্ৰীসকল ভয়তে বিদ্যালয়ত অহা বন্ধ কৰি দিয়ে ৷ যাৰ বাবে নিয়মিত পাঠদান বন্ধ হৈ আছিল বিদ্যালয়ত । বৰ্তমানত অনলাইন ক্লাছৰ ক্ষেত্ৰতো গাঁও সমূহৰ নেটৱৰ্কৰ সমস্যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈ আহিছে ৷" সাংবাদিকৰ আগত এইদৰে কয় হাফলং উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ স্বপন কুমাৰ বৰ্মনে ৷

লগতে পঢ়ক : এটা চৰকাৰী বিভাগে মূহুৰ্ততে হত্যা কৰিলে শতাধিক দুষ্প্ৰাপ্য বগলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.