ETV Bharat / state

বালিমাহী কবি ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীক পদ্মশ্ৰী সন্মান প্ৰদান - Shakuntala Choudhury passed away

সোমবাৰে বালিমাহী কবি ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আনুষ্ঠানিকভাৱে প্ৰদান কৰে পদ্মশ্ৰী সন্মান (Shakuntala Choudhury honored with Padmashree) ৷ ভাৰতৰ চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বালিমাহী কবিগৰাকী (Padmashree award to poet Dhaneswar Ingti) ৷

Padma Shree Award goes to Poet Dhaneswar Engti
বালিমাহী কবি ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীক প্ৰদান পদ্মশ্ৰী বঁটা
author img

By

Published : Mar 29, 2022, 9:44 AM IST

Updated : Mar 29, 2022, 2:08 PM IST

ডিফু, 29 মাৰ্চ : অসমবাসীৰ বাবে এক সু-খবৰ ৷ সোমবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ‘বালিমাহী’ৰ কবি ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীক পূৰ্বে ঘোষণা কৰা পদ্মশ্ৰী বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে (Padmashree award to poet Dhaneswar Ingti) ৷ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি বেংকয়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু বহুতো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয় (Shakuntala Choudhury honored with Padmashree) ৷

ভাৰতৰ আন ১০৭ গৰাকী পদ্মশ্ৰী বঁটা প্ৰাপক ব্যক্তিৰ লগতে অসমৰ স্বনাম ধন্য ব্যক্তিদ্বয় ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীকো এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ ধনেশ্বৰ ইংতিক সাহিত্য আৰু শিক্ষাৰ বাবে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ এই বঁটা লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে কবি ধনেশ্বৰ ইংতি তথা তেওঁৰ আত্মীয় ৷

আনহাতে, এই বঁটা ঘোষণা কৰাৰ সময়ত জীৱিত থকা শকুন্তলা চৌধুৰীৰ ইতিমধ্যে পৰলোক প্ৰাপ্তি ঘটিছে (Shakuntala Choudhury passed away) ৷ সেয়েহে তেওঁৰ হৈ তেওঁৰ সংগঠনৰ লোকে এই বঁটা গ্ৰহণ কৰে ৷

ইফালে এক টেলিফোনিক বাৰ্তাত পদ্মশ্ৰী বঁটা প্ৰাপক বালিমাহী কবি ধনেশ্বৰ ইংতি (Poet Dhaneswar Engti honored with Padmashree)য়ে কয় যে, ‘‘পৰিৱৰ্তনশীল বৰ্তমান যুগত গাঁৱৰ পৰা আহি এজন সাধাৰণ মানুহ হিচাপে তেওঁ এনে বিৰল সন্মান পাই অত্যন্ত সুখী অনুভৱ কৰিছে ৷ ই সমাজৰ বাবে এক নিদৰ্শন স্বৰূপ ৷ মানুহে মনপুতঃ আৰু অন্তঃকৰণেৰে যিকোনো বিষয়ত কাম কৰিলে এনে বিৰল সন্মান লাভ কৰিব পাৰে ৷ জীৱনত কিবা এটা পাবৰ বাবে নহয়, কিবা এটা কৰি দেখুৱালৈ আৰু কাম কৰাৰ মানসিকতাৰে অগ্ৰসৰ হ’ব সকলো’’ ৷

লগতে পঢ়ক : পদ্মশ্ৰী সন্মানেৰে বিভূষিত হ’ল মাজুলীৰ গোপীৰাম বৰ গায়ন

Last Updated : Mar 29, 2022, 2:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.