ETV Bharat / state

শ্লীলতাহানিৰ অভিযোগত অভিযুক্ত পনদেছ চেংয়ঙক Wanted ঘোষণা আৰক্ষীৰ

author img

By

Published : Apr 13, 2022, 10:02 PM IST

ডিমা হাছাও জিলাৰ হাফলঙত পনদেছ চেংয়ুং নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মহিলাৰ শ্লীলতাহানিৰ অভিযোগ উত্থাপন হৈছে(Women Molesting in Haflong) ৷ পনদেছ চেংয়ুঙৰ বিৰুদ্ধে হাফলং আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে এগৰাকী ভুক্তভোগী মহিলাই ৷ ইয়াৰ পাছতেই পনদেছ চেংয়ুঙক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে বিভিন্ন মহিলা সংগঠনে ৷ এই অভিযোগৰ পাছৰে পৰা সন্ধানহীন হৈ আছে পনদেছ চেংয়ুং ৷ সম্প্ৰতি পনদেছ চেংয়ুক সন্ধানহীন ঘোষণা কৰিছে আৰক্ষীয়ে ৷

Pandas Chengyang is announced wanted by the police
শ্লীলতাহানিৰ অভিযোগত অভিযুক্ত পনদেছ চেংয়ঙক Wanted ঘোষণা আৰক্ষীৰ

ডিমা হাছাও, 13 এপ্ৰিল : ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত এগৰাকী যুৱতীৰ শ্লীলতাহানি কৰাৰ অভিযোগত অভিযুক্ত পনদেছ চেংয়ুং নামৰ ব্যক্তিজনক Wanted ঘোষণা কৰিছে ডিমা হাছাও আৰক্ষীয়ে । পনদেছ চেংয়ুং ক’ত আছে বা তেওঁৰ সম্ভেদ দিয়া ব্যক্তিক 50 হাজাৰ টকাৰ পুৰস্কাৰ দিয়াৰ লগতে খবৰ দিয়া ব্যক্তিজনৰ পৰিচয় গোপনীয় ৰখা হ’ব । ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে বুধবাৰ বিয়লি এখন সংবাদমেলৰ আয়োজন কৰি এই কথা জানিবলৈ দিয়ে ।

Pandas Chengyang is announced wanted by the police
পনদেছ চেংয়ুং

ডিমা হাছাও আৰক্ষীয়ে ইতিমধ্যে মনদেছ চেংয়ুংৰ পোষ্টাৰ বনাই তেওঁক Wanted ঘোষণা কৰাৰ লগতে 50 হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰি বিভিন্ন থানাত তেওঁৰ ফটো পঠাইছে । পনদেছ চেংয়ুঙক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে ইতিমধ্যে অল আউট অভিযান আৰম্ভ কৰিছে ৷ মনদেছ চেংয়ুঙৰ নীলা ৰঙৰ এলটো গাড়ীখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে অনতিপলমে এই অভিযুক্তগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে ৷ তেওঁ লগতে কোনো মহিলাৰ লগত এনেধৰণৰ ঘটনা সংঘটিত হ’লে অনতিপলমে আৰক্ষীক অৱগত কৰাৰ বাবে আহ্বান জনায় ৷

ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিং

উল্লেখ্য পনদেছ চেংয়ুং নামৰ ব্যক্তিজনে 9 এপ্ৰিলত হাফলং এন এল দাওলাগাপু খেলপথাৰৰ কাষত এগৰাকী যুৱতীক অভব্য আচৰণ আৰু শ্লীলতাহানি কৰা বুলি অভিযোগ কৰি যুৱতীগৰাকীয়ে হাফলং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । যুৱতীগৰাকীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক টুইট কৰি অভিযুক্ত পনদেছ চেংয়ুংক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবী জনাইছিল ।

পনদেছ চেংয়ুং নামৰ ব্যক্তি গৰাকীয়ে হাফলঙত আৰু বহু যুৱতীৰ এনেকৈ শ্লীলতাহানি কৰাৰ চেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে(Pandes Chengyung accused of continuously molesting women in Haflong) ।

লগতে পঢ়ক : Encounter in Sipajhar : আৰক্ষীৰ গুলীত নিহত ছাত্ৰীবাৰীৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.