ETV Bharat / state

কোভিড-19ত আক্ৰান্ত হোৱাৰ সন্দেহত হাফলঙত এজনক আইচলেচন কক্ষত ভৰ্তি - 14 গৰাকী ব্যক্তিৰ চোয়াব সংগ্ৰহ

হাফলঙত বহিঃৰাজ্যৰ পৰা অহা 58 গৰাকী লোকক কোৱাৰাণ্টাইনত ৰাখি 14 গৰাকী ব্যক্তিৰ চোয়াব সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

one-person-admitted-in-isolation-ward-at-haflong
কোভিড-19ত আক্ৰান্ত হোৱাৰ সন্দেহত হাফলঙত এজনক আইচলেচন কক্ষত ভৰ্তি
author img

By

Published : May 20, 2020, 6:03 PM IST

ডিমা হাছাও, 20 মে‘: কোভিড-19 ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহত হাফলংৰ এজন 55 বছৰীয়া ব্যক্তিক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । কৰ্কট ৰোগত আক্ৰান্ত এই ব্যক্তি গৰাকী কেইদিনমান আগত গুৱাহাটীৰ পৰা কৰ্কট ৰোগৰ চিকিৎসা কৰি হাফলং অহাৰ পিছৰে পৰা হোম কোৱাৰাণ্টাইনত আছিল। কিন্তু তাৰ পিছত 17 মে‘ত এই ব্যক্তি গৰাকীৰ প্ৰচণ্ড জ্বৰ অহাৰ লগে শ্বাস প্ৰশ্বাস লোৱাত কষ্ট হোৱাত লগতে ডায়েৰীয়াই দেখা দিয়াৰ ফলত এই ব্যক্তি জন কোভিড ৰোগত আক্ৰান্ত হোৱা সন্দেহত হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে লোকজনৰ পৰিয়ালৰ সকলো সদস্যক কোৱাৰাণ্টাইনত ৰখা হৈছে ।

কোভিড-19ত আক্ৰান্ত হোৱাৰ সন্দেহত হাফলঙত এজনক আইচলেচন কক্ষত ভৰ্তি

ইপিনে এই ব্যক্তি জনৰ চোয়াৱ সংগ্ৰহ কৰি কোভিড-19 পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ তদুপৰি বহিঃৰাজ্যৰ পৰা অহা 58 গৰাকী লোকক কোৱাৰাণ্টাইনত ৰাখি 14 গৰাকী ব্যক্তিৰ চোয়াব সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : টিংখাঙৰ ঔফুলীয়া চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.