হাফলং, 6 জানুৱাৰী : 8 জানুৱাৰীত অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ ইতিমধ্যে পৰিষদৰ নিৰ্বাচনক লৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল ৷ ইতিমধ্য, বিনা প্রতিদ্বন্দ্বিতাত জয়ী হৈছে বিজেপিৰ 6 গৰাকীকৈ প্ৰাৰ্থী । ইফালে ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী হিংসা আৰু প্ৰাৰ্থী অপহৰণৰ দৰে ঘটনা সংঘটিত হৈছে ৷
এইবাৰ চেমখৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিৰোজিত জিডোঙৰ কৰ্মী থাওপ্রি হাফলংবাৰক নামৰ এজন লোকক অপহৰণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ শুকুৰবাৰে মাজ নিশা মাইবাঙস্থিত বাসগৃহৰ পৰা দুৰ্বৃত্তই তেওঁক অপহৰণ কৰি লৈ যোৱা বুলি জানিব পৰা গৈছে ।
ইফালে থাওপ্রি হাফলংবাৰৰ পত্নীৰ অভিযোগ অনুসৰি, আৰক্ষীয়ে তেওঁৰ স্বামীক ঘৰৰ পৰা উঠাই লৈ যায় ৷ তেওঁ কয়, ‘‘শুকুৰবাৰে মাজ নিশা মাইবাং আৰক্ষীৰ এটা দল আহি আমাৰ ঘৰৰ গেট প্ৰথমে ভাগে ৷ তাৰ পাচত ঘৰৰ দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰক্ষীৰ দলটোৱে ৷ আৰক্ষীৰ দলটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ডিমা হাছাও আৰক্ষী অধীক্ষকৰ নিৰ্দেশত সোধা-পোছাৰ বাবে হাফলংবাৰক লৈ যোৱা হ’ব বুলি কৈ তেওঁক ঘৰৰ পৰা লৈ যায় ৷’’
আনহাতে, নিশাই হাফলংবাৰ পত্নী আৰু পৰিয়ালৰ লোকে মাইবাং থানাত উপস্থিত হৈছিল ৷ কিন্তু পৰিয়ালৰ লোকক মাইবাং থানাত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল আৰক্ষীয়ে ৷ এই অভিযোগ থাওপ্রি হাফলংবাৰৰ পত্নীৰ ৷
পৰৱৰ্তী সময়ত থাওপ্রিক মাইবাং থানাত ৰখা নাই তেওঁক হাফলং লৈ যোৱা হৈছে বুলি মাইবং আৰক্ষীয়ে জানিবলৈ দিয়ে থাওপ্রিকৰ পৰিয়ালক। কিন্তু বৰ্তমানেও সন্ধানহীন হৈ আছে থাওপ্রি হাফলংবাৰ । ভুক্তভোগী পৰিয়ালৰ অভিযোগ কিছুদিন আগতে এটা দুৰ্বৃত্তৰ দলে ঘৰত আহি ভাবুকি দিছিল থাওপ্রিক ৷
লগতে পঢ়ক : নিৰ্বাচনী হিংসা উত্তৰ কাছাৰ পাৰ্বত্যৰ জিলাৰ বাবে বেয়া সংকেত: জিলা কংগ্ৰেছ সভাপতি সমৰজিত হাফলংবাৰ