ETV Bharat / state

কপিলীৰ বুকুত 7 দিনৰ অন্তত আৰম্ভ হ'ল উদ্ধাৰ অভিযান - নিপকো কাণ্ড: ঘটনাৰ সাতদিনৰ পাছত এন ডি আৰ এফৰ উদ্ধাৰ অভিযান

এতিয়ালৈকে কোনো শুংসুত্ৰ নাই অভিযন্তাসহ সন্ধানহীন চাৰি কৰ্মীৰ

নিপকো কাণ্ড: ঘটনাৰ সাতদিনৰ পাছত এন ডি আৰ এফৰ উদ্ধাৰ অভিযান
author img

By

Published : Oct 13, 2019, 9:52 PM IST

ডিমা হাছাও, 13 অক্টোবৰ: নিপকোৰ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ জল পৰিবাহী পাইপ লাইন বিস্ফোৰণৰ সাতদিন অতিক্ৰম কৰাৰ পাছত সন্ধানহীন চাৰি কৰ্মীৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিলে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে ৷ যোৱা 7 অক্টোবৰত জল বিদ্যুৎ প্ৰকল্পটোৰ জল পৰিবাহী লাইনত বিস্ফোৰণ হৈ সৃষ্টি হোৱা জলপ্ৰলয়ত ফলত কপিলীৰ পানীত উটি গৈছিল এগৰাকী অভিযন্তাৰ লগতে চাৰিজন কৰ্মী ৷ দেওবাৰে পানীৰ স্তৰ নিম্নগামী হোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে এনডিআৰএফ আৰু এছডিআৰএফৰ এটা দলে ৷

দেওবাৰে দিনজোৰা এই অভিযান কালত সন্ধানহীন চাৰি কৰ্মীৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে উদ্ধাৰকাৰী দলটোৱে ৷ উল্লেখযোগ্য যে, কপিলী জল বিদ্যুৎ প্ৰকল্পস্থলীত পাইপ লাইন বিস্ফোৰণ হোৱাৰ পিছৰে পৰা 90 শতাংশ ছিষ্টেম বিকল হৈ পৰিছে নিপকো পাৱাৰ হাউছৰ, যাৰ ফলত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ 800 মিটাৰ এলেকাজুৰি এতিয়াও অব্যাহত আছে কপিলীৰ বাঢ়নি পানীৰ ধ্বংসলীলা ৷

Intro:ডিমা হাছাও ১৩ অক্টোবৰ: অৱশেষত সাতদিন পিছত নিপকোৰ সন্ধানহীন চাৰি কৰ্মীক উদ্ধাৰ অভিযানত নামিল এনডিআৰ এফ আৰু এছডিআৰএফ বাহিনী। যোৱা ৭ অক্টোবৰ কপিলী জল বিদ্যুৎ প্ৰকল্পৰ জল পৰিবাহী পাইপ লাইনত বিস্ফোৰণৰ পিছত জলপ্ৰলয়ৰ ফলত নিপকোৰ এজন অভিযন্তাৰ লগতে চাৰিজন কৰ্মীক পানীৰ সতে উটি লৈ যোৱাৰ পিছৰে পৰা চাৰিজন কৰ্মী যোৱা সাতদিনৰ পৰা সন্ধানহীন হৈ আছে।Body:আজি পানীৰ স্তৰ কম হোৱাৰ পিছত এনডিআৰএফ আৰু এছডিআৰএফ বাহিনী উদ্ধাৰ অভিযান আৰম্ভ কৰিলে ও এতিয়ালৈকে চাৰিজন কৰ্মীৰ কোন সন্ধান উলিয়াব পৰা নাই। বৰ্তমানে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।Conclusion:উল্লেখযোগ্য যোৱা ৭ অক্টোবৰ কপিলী জল বিদ্যুৎ প্ৰকল্প স্থলীত পাইপ লাইন বিস্ফোৰণ হোৱাৰ পিছত নিপকো পাৱাৰ হাউছৰ ৯০ শতাংশ ছিষ্টেম বেয়া হৈ পৰিছে। এতিয়া কপিলী জল বিদ্যুৎ প্ৰকল্পৰ ৮০০ মিটাৰ এলাকা জুৰি ধ্বংসলীলা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.