ডিমা হাছাও, 27 জানুৱাৰী : ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলংত বুধবাৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন কৰা হয় । কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ নিৰ্দেশত বুধবাৰে হাফলং লোক নিৰ্মাণ বিভাগে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন কৰে।
উল্লেখ্য যে, কেন্দ্ৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ নিৰ্দেশত 18 জানুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰী লৈকে এক মাহ ধৰি অসমত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন কৰা হ'ব ৷ এই কথা সদৰি কৰে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ কমিচনাৰ ৰাজেশ কেম্প্ৰাইয়ে ৷
ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ উপলক্ষে বুধবাৰে হাফলঙৰ লোক নিৰ্মাণ বিভাগৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক বীৰভদ্ৰ হাগজাৰ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য নন্দিতা গাৰ্লচা, ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুয়া, আৰক্ষী অধীক্ষক জয়ন্ত সিং আৰু হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যনিৰ্বাহ অভিযন্তা জগমোহন বড়ো আদি ৷