ডিমা হাছাও, ২৮ ফেব্ৰুৱাৰী: ডিমা হাছাও জিলাৰ হাফলঙত উপস্থিত ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ আয়ুক্ত মনিশ ঠাকুৰ । জিলাখনৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ কামৰ পৰ্যালোচনাৰ বাবে উপস্থিত হয় উন্নয়ন বিভাগৰ আয়ুক্তগৰাকী । শনিবাৰে বিয়লিৰ ভাগতেই হাফলঙত উপস্থিত হয় মনিশ ঠাকুৰ । নিশা হাফলং চাৰ্কিট হাউচৰ সভাকক্ষত এক বৈঠকত অংশগ্ৰহণ কৰে । এই বৈঠকত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা বিভিন্ন চৰকাৰী বিভাগত চলি থকা উন্নয়নমূলক প্ৰকল্পসমূহৰ কামৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে ।
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব এল জুবি নামপুই, সচিব টি টি দাওলাগাপু, সচিব ৰেবেকা চাংছন, যুটীয়া সচিব মেঘনজয় থাওচেন, বন বিভাগৰ চি চি এফ এম টুংমুং আৰু বিভাগীয় বিষয়াসকলৰ লগতে ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ আয়ুক্ত মনিশ ঠাকুৰ ডিমা হাছাও জিলাত চলি থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ কামৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে আলোচনা কৰে ।
লগতে পঢ়ক:আমগুৰিত গেছ চিলিণ্ডাৰৰ পৰা ওলাইছে লিটাৰে লিটাৰে পানী