ETV Bharat / state

ডিমা হাছাও জিলাত প্ৰথমিক শিক্ষা খণ্ডত ব্যাপক দুৰ্নীতি - sarbasiksha abhiyan

ডিমা হাছাও জিলাত সৰ্বশিক্ষা অভিযানৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ ইয়াকেলৈ সৰৱ হৈ পৰিছে দল সংগঠন ৷

lower primary school scam in dimahasao
ডিমা হাছাও জিলাত প্ৰথমিক শিক্ষা খণ্ডত ব্যাপক দুৰ্নীতি
author img

By

Published : Aug 9, 2021, 10:49 PM IST

ডিমা হাছাও, 9 আগষ্ট : সৰ্বশিক্ষা অভিযানকে ধৰি বহু আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিদ্যালয়সমূহত বিভিন্ন সুযোগ সুবিধা উপলব্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা প্ৰদান কৰিলে ৷ তথাপিও বিভিন্ন ক্ষেত্ৰত দেখা গৈছে ছাত্ৰ-ছাত্ৰীসকলে খোৱা পানীৰ আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ।

এতিয়াও সৰ্বশিক্ষা অভিযানৰ অধীনত অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ নিম্ন বুনিয়াদী প্ৰথমিক বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে খোৱা পানীৰ অভাৱ আতৰা নাই ৷ আঁচনিত সংঘটিত শেহতীয়া দুৰ্নীতিক লৈ এতিয়া সৰৱ হৈ পৰিছে উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচা ।

ডিমা হাছাও জিলাত প্ৰথমিক শিক্ষা খণ্ডত ব্যাপক দূৰ্নীতি

শেহতীয়াকৈ, ডিমা হাছাও জিলাত চৰ্চালৈ অহা সৰ্বশিক্ষা অভিযানৰ অধীনত জিলাৰ 198 খন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে খোৱা পানীৰ আঁচনিক লৈ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

যোৱা 4 আগষ্টত সৰ্বশিক্ষা অভিযানৰ জিলা মিছন কৰ্ডিনেটৰ বীৰেন সিং ইংতি আৰু জিলা প্ৰজেক্ট ইঞ্জিনিয়াৰ বিনৰকানন্দ পালে এখন সাংবাদমেল সম্বোধন কৰি বিবৃতি প্ৰকাশ কৰিছিল ৷ সেই অনুসৰি, যোৱা 27 জুলাই পাৰ্বত্য পৰিষদৰ অধিবেশনত এই আঁচনিৰ কামৰ অগ্ৰগতি লৈ তথ্য দিয়া হৈছিল ৷ পিছে এই তথ্য অভিযোগমুক্ত নাছিল, কিয়নো বিভাগৰ কৰ্মী কম থকাৰ সময়ত এই তথ্য তৈয়াৰ কৰা হৈছিল ৷

সোমবাৰে, বিয়লি এখন সংবাদ মেল সম্বোধন কৰি পাৰ্বত্য পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয় যে, সৰ্বশিক্ষা অভিযানৰ অধীনত বিদ্যালয়সমূহত খোৱা পানীৰ আঁচনিৰ কামত লৈ ভুল তথ্য দিয়া বিষয়া সকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা আৰু পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা শিক্ষা বিভাগৰ দায়িত্বত থকা কাৰ্যনিৰ্বাহী সদস্য তথা বিধায়িকা নন্দিতা গাৰ্লচায়ো এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

লগতে পঢ়ক : বন্দীত্বৰ অৱসান : মুকলি আকাশৰ তলত বাঘজানৰ তিনি প্ৰতিবাদকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.