হাফলং, ৯ নৱেম্বৰ: পাহাৰীয়া জিলা ডিমা হাছাওৰ মাইবং মহকুমাত অনুষ্ঠিত পঞ্চম এমএলএ কাপ নকআউট ফুটবল প্ৰতিযোগিতাখনত বিজয়ী খিতাপ অৰ্জন কৰে কালাইন মহিলা ফুটবল দলে(5th MLA CUP Knockout Football Competition) । মাইবং স্পৰ্টিং এছ’চিয়েচনৰ উদ্যোগত আয়োজিত পঞ্চম মহিলা এমএলএ কাপ নকআউট ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন কালাইন আৰু কলিয়াবৰৰ মাজত মঙলবাৰৰ নিশা অনুষ্ঠিত হয়(Women's Knockout Football Tournament) ।

ফাইনেল খেলখনত কালাইন মহিলা ফুটবল দলে ১-০ গ’লত কলিয়াবৰ ফুটবল দলক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ খিতাপ অৰ্জন কৰে । মাইবং দিছৰো খেলপথাৰত অনুষ্ঠিত ফাইনেল খেলখনত মুখ্য অতিথি হিচাবে উপস্থিত আছিল ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা, বিধায়ক বিদ্যাছিং ইংলেং আৰু সন্মানিত অতিথি হিচাবে উপস্থিত আছিল অসম ফুটবল এছ’চিয়েচনৰ সাধাৰণ সম্পাদক হেমেন্দ্ৰ নাথ ব্রহ্ম আৰু অসম অলিম্পিক এছ'চিয়েচনৰ উপ-সভাপতি বিষ্ণুৰাম নুনিচা ।

খেলখনৰ শেষত বিজয়ী দল কালাইন মহিলা ফুটবল দলৰ হাতত চেম্পিয়ন ট্ৰফি তুলি দিয়ে বিধায়ক বিদ্যাছিং ইংলেঙে । উল্লেখ্য যে, ২০১৮ চনত প্ৰথমবাৰৰ বাবে এমএলএ কাপ মহিলা নকআউট ফুটবল প্ৰতিযোগিতাখন আৰম্ভ হৈছিল । এইবাৰ পঞ্চমবাৰৰ বাবে এম এল এ কাপ নকআউট ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰে মাইবং স্পৰ্টিং এছ’চিয়েচনে । ফুটবল প্ৰতিযোগিতাৰ উদ্বোধন কৰা হৈছিল ২০ অক্টোবৰত ।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৰাজ্যৰ ১৪ টাকৈ মহিলা ফুটবল দলে । মূল দলকেইটা আছিল কোকৰাঝাৰ, যোৰহাট, কলিয়াবৰ, দুলিয়াজান, ডিব্ৰুগড়, তেজপুৰ, লাকু কোচিং চেণ্টাৰ, মৰাণ, হাইলাকান্দি, কুয়াং, লক্ষীপুৰ, কালাইন, মাহুৰ আৰু হাফলং । প্ৰতিযোগিতাৰখনৰ আৰম্ভনিৰে পৰা চূড়ান্ত খিতাপ দখলৰ বাবে আটাইকেইটা দলেই মৰণপণ যুঁজ অব্যাহত ৰাখিছিল ৷
অৱশেষত ফাইনেল খেলখন কালাইন আৰু কলিয়াবৰৰ মাজত অনুষ্ঠিত হয় ৷ অতি ৰোমাঞ্চকৰ খেলখন তুমুল প্ৰতিদ্বন্দিতাৰ অন্তত কালাইন মহিলা ফুটবল দলে ১ টা গ’লৰ ব্যৱধানত বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : ICC player of month: বিৰাট কোহলীলৈ আইচিচিৰ প্লেয়াৰ অৱ দ্য মান্থ সন্মান