ETV Bharat / state

Extortion by reporter: ফোনযোগে ব্যৱসায়ীক ধন দাবী সাংবাদিকৰ - Extortion over phone

ডিমা হাছাও জিলাৰ এটা স্থানীয় নিউজ পৰ্টেলত কৰ্মৰত এগৰাকী সাংবাদিকে এজন ব্যৱসায়ীক ফোনত ধন দাবী কৰি এতিয়া বিপাঙত পৰিছে (Journalist demands money over phone)। এই সাংবাদিক গৰাকীৰ যি অডিঅ’ এতিয়া ক্লিপিংছ ভাইৰাল হৈ পৰিছে, তাত স্পষ্ট হৈ আছে ধন বিচৰাৰ প্ৰমাণ ৷

xtortion by reporter
xtortion by reporter
author img

By

Published : Jul 20, 2022, 4:55 PM IST

ডিমা হাচাও, 20 জুলাই : ডিমা হাছাও জিলাত ফোনযোগে ব্যৱসায়ীক ধন দাবী সাংবাদিকৰ (Journalist demands money over phone)। অসমৰ অন্যতম পাহাৰীয়া জিলাৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচুত এই ঘটনা সংঘটিত হৈছে । এতিয়া এই সাংবাদিকৰ অডিঅ’ ক্লিপিংছ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । সাংবাদিকতাৰ দৰে মহান পেছাক এতিয়া লজ্জানত কৰিছে কিছুমান পৰ্টেলৰ সাংবাদিকে ।

ডিমা হাছাও জিলাৰ এটা স্থানীয় নিউজ পৰ্টেলত কৰ্মৰত এগৰাকী সাংবাদিকে এজন ব্যৱসায়ীক ফোনত ধন দাবী কৰি এতিয়া বিপাঙত পৰিছে (Extortion over phone) । এই সাংবাদিক গৰাকীৰ যি অডিঅ’ এতিয়া ক্লিপিংছ ভাইৰাল হৈ পৰিছে, তাত স্পষ্ট হৈ আছে ধন বিচৰাৰ প্ৰমাণ ৷ স্থানীয় কিছু নিউজ পৰ্টেলৰ নাম লৈ এই তথাকথিত সাংবাদিকে উমৰাংচুৰ এগৰাকী ব্যৱসায়ী ওচৰত ধন দাবী কৰিছে ।

ফোনযোগে ব্যৱসায়ীক ধন দাবী সাংবাদিকৰ

জানিব পৰা মতে, উমৰাংচুৰ এখন ৰেষ্টুৰেণ্টত ফাষ্টফুড গ্ৰহণ কৰি অসুস্থ হৈ পৰিছিল চাৰিগৰাকী যুৱক । ইয়াৰ পিছতে এই চাৰিও যুৱকক উমৰাংচু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

এই বাতৰিটো সংগ্ৰহ কৰিছিল ডিমা হাছাও জিলাৰ এটা স্থানীয় নিউজ পৰ্টেলৰ সাংবাদিক বিশ্বজিৎ দেয়ে । ইয়াৰ পিছতে এই বাতৰি সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থকাৰ বাবদে উমৰাংচু বজাৰৰ ৰেষ্টুৰেণ্টখনৰ গৰাকীক ফোনতে 35 হাজাৰ টকা দাবী কৰিছিল সাংবাদিক গৰাকীয়ে । সাংবাদিক আৰু ব্যৱসায়ীৰ ফোন কলৰ অডিঅ’ সামাজিক যোগাযোগ মাধ্যমত ভাইৰাল হৈ পৰাৰ পিচতে সেয়া লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এইবাৰ স্থানীয় লোকসকলে এই সাংবাদিকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাইছে । এতিয়া ফোনত এনেদৰে ব্যৱসায়ীক ধন দাবী কৰা সাংবাদিকগৰাকীৰ বিৰুদ্ধে প্ৰশাসন বা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক: MP Pradyut Bordoloi critise CM: দুশ গ্ৰাম মিঠাতেলেৰে বান সমস্যা সমাধান কৰিব নোৱাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.