ETV Bharat / state

কাৰামুক্ত মোহিত হোজাইৰ বিজেপিত যোগদান - Bhabesh Kalita on NCHAC election

১৪ বছৰীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তললৈ আহি পুনৰ সক্ৰিয় ৰাজনীতিত যোগদান কৰিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মোহিত হোজাইয়ে । তেওঁৰ লগতে কেইবাগৰাকীও কৰ্মীৰ বিজেপিত যোগদান । ভৱেশ কলিতাৰ মতে আগন্তুক উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰ বিজয় নিশ্চিত ।

BJP Joining program
কাৰামুক্ত মোহিত হোজাইৰ বিজেপিত যোগদান
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 5:48 PM IST

কাৰামুক্ত মোহিত হোজাইৰ বিজেপিত যোগদান

হাফলং,২ ডিচেম্বৰ : কাৰাগাৰৰ পৰা মুক্ত হৈ পুনৰ ৰাজনীতিত যোগদান কৰিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মোহিত হোজাইয়ে । আঞ্চলিক ৰাজনৈতিক দল এএছডিচি দল ত্যাগ কৰি শনিবাৰে মোহিত হোজাইয়ে অনুষ্ঠানিকভাৱে শাসকীয় দল বিজেপিত যোগদান কৰে ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ দিয়ুংব্ৰা সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা, সাংসদ হৰেনছিং বে', উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা, পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাচা, ডিমা হাছাও জিলা বিজেপিৰ প্ৰভাৰী ৰতন টেৰণ, ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেন আৰু জিলা বিজেপিৰ বিষয়ববীয়াৰ উপস্থিতিত মোহিত হোজাইকে ধৰি কেইবাগৰাকী লোকে বিজেপিত যোগদান কৰে ।

বিজেপি দলত যোগদান কৰি মোহিত হোজাইয়ে কয় যে তেওঁ দলৰ স্বাৰ্থত কাম কৰি যাব আৰু অহা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত দলে টিকট প্ৰদান কৰিলে তেওঁ পশ্চিম মাইবাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব । ১৪ বছৰ কাৰাগাৰত থকাৰ পাছত বিজেপি দলত যোগদান তেওঁৰ বাবে নতুন জনম বুলিও মন্তব্য কৰে মোহিত হোজাইয়ে । ইফালে ভৱেশ কলিতাই সাংবাদিকৰ আগত কয় যে এই বিশাল যোগদান কাৰ্যসূচীৰ লগতে বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনো অনুষ্ঠিত হয় ।

মোহিত হোজাইৰ উপৰিও কংগ্ৰেছ আৰু বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে । তেওঁ কয় যে দেৱলাল গাৰ্লোছাৰ নেতৃত্বত ডিমা হাছাও জিলা শান্তি আৰু প্ৰগতিৰে আগবাঢ়িছে । ভৱেশ কলিতাই দাবী কৰা মতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইয়াত বিকাশৰ বন্যা বোৱাইছে । লগতে স্থানীয় বিধায়িকা নন্দিতা গাৰ্লোছাক ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ পদ দিছে । অহা মাহত অনুষ্ঠিত হ'বলগীয়া উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰ বিজয় নিশ্চিত বুলিও বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দাবী কৰে ।

লগতে পঢ়ক :ফ্ৰেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব লাচিতৰ প্ৰতিমূৰ্তি, অসম দিৱসত মুখ্যমন্ত্ৰীৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.