ETV Bharat / state

ISF protest at Jatinga Junction Point: ভূমিৰ ক্ষতিপূৰণ বিচাৰি জাতিংগা জংচন পয়েন্টত ইণ্ডিজিনাচ ষ্টুডেন্ট ফৰামৰ প্ৰতিবাদ - ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ

সোমবাৰে জাতিংগা জংচন পয়েন্টত ইণ্ডিজিনাচ ষ্টুডেন্ট ফৰামে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ "No Compensation No Rest" শ্লোগানৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ ভূমিৰ ক্ষতিপূৰণ বিচাৰি লামডিং হাফলং শিলচৰ সংযোগী 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা জংচন পয়েন্টত এই প্ৰতিবাদ ইণ্ডিজিনাছ ষ্টুডেণ্ট ফৰামৰ (Indigenous Students Forum)।

ISF protest at Jatinga Junction Point demanding compensation for land in Dima Hasao
জাতিংগা জংচন পয়েন্টত ইণ্ডিজিনাচ ষ্টুডেন্ট ফৰামৰ প্ৰতিবাদ
author img

By

Published : Dec 19, 2022, 10:17 PM IST

জাতিংগা জংচন পয়েন্টত ইণ্ডিজিনাচ ষ্টুডেন্ট ফৰামৰ প্ৰতিবাদ

হাফলং, 19 ডিচেম্বৰ: সোমবাৰে জাতিংগা জংচন পয়েন্টত ইণ্ডিজিনাচ ষ্টুডেন্ট ফৰামে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ "No Compensation No Rest" শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ ভূমিৰ ক্ষতিপূৰণ বিচাৰি লামডিং-হাফলং-শিলচৰ সংযোগী 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা জংচন পয়েন্টত এই প্ৰতিবাদ ইণ্ডিজিনাছ ষ্টুডেণ্ট ফৰামৰ (Indigenous Students Forum)।

উল্লেখ্য যে শিলচৰ-সৌৰাষ্ট্ৰৰ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণ কৰিবলৈ ডিমা হাছাও জিলাৰ ইনৰিম বাংলোৰ পৰা হাৰেংগাজাওলৈকে কেইবাখনো গাঁৱৰ বাসিন্দাৰ কৃষি ভূমি অধিগ্ৰহণ হৈছে । অধিগ্ৰহণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে তেওঁলোকৰ ক্ষতিপূৰণ বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ ওচৰত বহুবাৰ আবেদন-নিবেদন কৰি আহিছে (ISF protest Demanding compensation) ৷ যদিও তেওঁলোকৰ দাবীৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই ৷

শেহতীয়াকৈ ইণ্ডিজিনাচ ষ্টুডেন্ট ফৰামেও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ ওচৰত ভুক্তভোগী লোকসকলৰ বাবে ক্ষতিপূৰণ বিচাৰি দাবী জনাই আহিছিল ৷ কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই ক্ষতিগ্ৰস্থ হোৱা কৃষিভূমিৰ বিপৰীতে ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল নাপাই বিৰক্ত হৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ইণ্ডিজিনাছ ষ্টুডেণ্ট ফৰাম (Jatinga Junction Point) ।

উল্লেখ্য যে শিলচৰ-সৌৰাষ্ট্ৰৰ পূব পশ্চিমৰ কৰিড’ৰ নিৰ্মাণৰ বাবে ডিমা হাছাও জিলাৰ ইনৰিম বাংলোৰ পৰা হাৰেংগাজাওলৈকে এনকেচি নামৰ নিৰ্মাণ সংস্থাটোয়ে মাটি কটাৰ ফলত এই অংশৰ প্ৰায় 50 ৰো অধিক গাঁৱৰ বাসিন্দাৰ খেতিৰ ভূমি ক্ষতিগ্ৰস্থ হৈছিল । কিন্তু এইসকল গাঁৱৰ বাসিন্দাসকলক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । এইখিনিতে উল্লেখ কৰিব লাগিব যে, এই বছৰতে অৰ্থাৎ 2022 বৰ্ষৰ 22 জানুৱাৰীত ক্ষতিপূৰণ সন্দৰ্ভত গুৱাহাটীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগত ইণ্ডিজিনাচ ষ্টুডেন্ট ফৰামৰ এখন বৈঠক অনুষ্ঠিত হৈছিল ।

ইয়াৰ পিছত পুনৰ 26 নৱেম্বৰত ডিমা হাছাও জিলাৰ জিলা উপায়ুক্তৰ অধ্যক্ষতাত দ্বিতীয়বাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগত ছাত্ৰ সংগঠনটোৰ আন এখন বৈঠক অনুষ্ঠিত হৈছিল ৷ এই বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে 30 নৱেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই ক্ষতিপূৰণৰ সকলো নথি তথা বিল ঠিক কৰি ক্ষতিপূৰণ মুকলি কৰি দিব ৷ এই বুলি আশ্বাস প্ৰদান কৰিছিল ঠিকেই, কিন্তু সেয়া কাৰ্যতহে পৰিণত নহ’ল ৷ আজিকোপতি ক্ষতিপূৰণ নাপালে ক্ষতিগ্ৰস্ত লোকসকলে ।

ফলত আজি ক্ষুব্ধ ৰাইজ তথা ইণ্ডিজিনাচ ষ্টুডেন্ট ফৰামে ক্ষতিপূৰণৰ দাবীত 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । অৱশেষত জিলা প্ৰশাসনৰ ফালৰ পৰা অতিৰিক্ত কমিচনাৰ ইবন টেৰণ প্ৰতিবাদস্থলীত উপস্থিত হৈ 25 ডিচেম্বৰৰ ভিতৰতে ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ প্ৰদানৰ বিল বনাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক জমা দিয়াৰ আশ্বাস প্ৰদান কৰাৰ লগতে অনতিপলমে ক্ষতিগ্ৰস্ত গাঁৱৰ বাসিন্দাসকলৰ ক্ষতিপূৰণ মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে ৷ ইয়াৰ পিছতে ইণ্ডিজিনাচ ষ্টুডেন্ট ফৰামে পথ অৱৰোধ কাৰ্য় প্ৰত্যাহাৰ কৰে (Indigenous forums stage road blockade) । ইপিনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত হাফলং-লামডিং আৰু হাফলং-শিলচৰ সংযোগী এই পথচোৱাত প্ৰায় চাৰি ঘণ্টা ধৰি যান-বাহন চলাচল বন্ধ হৈ থাকে ।

লগতে পঢ়ক: Electricity contractual employees : লখিমপুৰত বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.