ETV Bharat / state

Protest at Dima Hasao: মহাবিদ্যালয় স্থাপনৰ দাবীত উত্তাল হ’ল ডিমা হাছাওৰ মাহুৰ - Student demand for college in Mahur

ডিমা হাছাও জিলাৰ মাহুৰত কলেজ স্থাপনৰ দাবী ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামৰ । সংগঠনটোৱে মাহুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত কলা শাখাৰ লগতে বিজ্ঞান আৰু বাণিজ্য শাখা খোলাৰো দাবী জনাইছে (Mahur Higher Secondary School) ।

Indigenous Students Forum protest at Dima Hasao
ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামৰ প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Feb 22, 2023, 1:24 PM IST

হাফলং, ২২ ফেব্ৰুৱাৰী: ডিমা হাছাও জিলাত মহাবিদ্যালয় স্থাপনৰ বাবে দাবী জনাই মঙলবাৰে ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰাম নামৰ ছাত্ৰ সংগঠনটোৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Protest for College in Dima Hasao)। ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামে চাৰি দফাৰ এক দাবীৰে জিলাখনৰ মাহুৰ তিনিআলিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । এই পাহাৰীয়া জিলাখনৰ শিক্ষা ব্যৱস্থা বিশেষকৈ মাহুৰ এলেকাৰ পিছপৰা শিক্ষা ব্যৱস্থাক লৈ ক্ষুদ্ধ হৈ পৰিছে ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰাম আৰু মাহুৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল (Indigenous Students Forum protest at Dima Hasao)। এই অঞ্চলটোত এখন মহাবিদ্যালয় স্থাপনৰ বাবে বিভিন্ন দল-সংগঠনৰ লগতে ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামে দীৰ্ঘ দিনৰ পৰা চৰকাৰক দাবী জনাই আহিছে । ইয়াৰ পিছতো চৰকাৰ অথবা শিক্ষা বিভাগে কোনো ব্য়ৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰাম ।

উল্লেখ্য় যে ডিমা হাছাও জিলাৰ মাহুৰত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে উচ্চ শিক্ষাৰ কোনো শিক্ষা প্ৰতিষ্ঠান নাই । যাৰ বাবে দীৰ্ঘদিনৰ পৰা মাহুৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী আৰু ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামে এখন মহাবিদ্যালয় স্থাপনৰ বাবে দাবী জনাই আহিছে । কিন্তু ৰাজ্যৰ শিক্ষা বিভাগে এই ক্ষেত্ৰত আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামে (Student demand for college in Mahur)। মাহুৰত মাত্ৰ এখন উচ্চ মাধ্যমিক বিদ্যালয় আছে । এই মাহুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে 2013 চনৰ পৰা বিদ্যালয়খনত কলা বিভাগৰ লগতে বিজ্ঞান আৰু বাণিজ্য শাখা খোলাৰ বাবে দাবী জনাই আহিছে (Mahur Higher Secondary School)। কিন্তু ইয়াৰ পিছতো ৰাজ্যৰ শিক্ষা বিভাগে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।

ইয়াৰ প্ৰতিবাদতেই মঙলবাৰে মাহুৰ অঞ্চলৰ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামে মাহুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত কলা শাখাৰ লগতে বিজ্ঞান আৰু বাণিজ্য শাখা খোলাৰ দাবীত মাহুৰ তিনিআলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে । ইণ্ডিজিনাচ ষ্টুডেন্টছ ফ'ৰামে মাহুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত কলা শাখাৰ লগতে বিজ্ঞান আৰু বাণিজ্য শাখা শীঘ্ৰে আৰম্ভ কৰিবলৈ দাবী জনায় । তদুপৰি মাহুৰত এখন মহাবিদ্যালয় স্থাপনকে ধৰি ডিমা হাছাও জিলাত থকা সকলো অপ্ৰাদেশিকীকৃত বিদ্যালয়ক অনতিপলমে প্ৰদেশিকীকৰণ কৰিবলৈও সংগঠনটোৱে চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক:Embankment near Aai river: আই নদীৰ গৰাখহনীয়া ৰোধিবলৈ কোটি টকাীয়া মথাউৰিৰ শিলান্যাস মন্ত্ৰী পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.