ডিমা হাছাও,13 জানুৱাৰী: ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰি দুখন পৃথক জিলা গঠনৰ দাবীত সোমবাৰে ইণ্ডিজনাচ পিপল ফৰামে হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷ পৃথক জিলাৰ দাবীত প্ৰতিবাদকাৰীয়ে " ন' বাইফাৰকেচন ন' ৰেষ্ট " শ্লোগানৰে সমগ্ৰ জিলা উত্তাল কৰি তোলে ৷ প্ৰতিবাদত ইণ্ডিজনাচ পিপল ফৰামৰ সভাপতি এল কুকিয়ে ডিমা হাছাও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰি ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰি দুখন পৃথক জিলা গঠনৰ দাবীৰ সফল ৰূপায়ন কৰাৰ দাবী জনায়।
আনহাতে, " 2019-20 বৰ্ষৰ শেষ বাজেট অধিবেশনত বিত্তীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰি দুখন পৃথক জিলা গঠনৰ কথা ঘোষণা কৰাৰ পিচতো এতিয়ালৈকে পৃথক জিলা গঠনৰ দাবীৰ সফল ৰূপায়ন হোৱা নাই । ইমানেই নহয় পাহাৰীয়া জিলাখনৰ অন্যান্য উপজাতি জনগোষ্ঠীৰ লোকসকল ৰাজনৈতিক দিশৰ পৰা আৰম্ভ কৰি চাকৰি আৰু অন্যান্য সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে " বুলি সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰে ইণ্ডিজনাচ পিপল ফৰামৰ সভাপতি এল কুকিয়ে ৷"
লগতে পঢ়ক: অসমৰ হৈ ৰূপৰ পদক লাভ কৰিলে হৃদয় হাজৰিকাই
আনহাতে আগন্তুক সপ্তাহৰ ভিতৰত যদি আমাৰ দাবীলৈ মুখ্যমন্ত্ৰী বা ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ৰে'ল অৱৰোধৰ দৰে আন্দোলন গ্ৰহণ কৰিব ইণ্ডিজনাচ পিপল ফৰামে আৰু ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ বুলি সকীয়াই দিয়ে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ প্ৰাক্তন ই এম তথা ফৰামৰ নেতা এল লিম কেভমে ৷