ETV Bharat / state

মুপা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ দাবী নিৰ্দলীয় প্ৰাৰ্থীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 2:19 PM IST

NCHAC polls 2024: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনাক লৈ ব্যাপক খেলিমেলিৰ অভিযোগ কালাচান্দ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰনেন হাফলংবাৰৰ । পুনৰ ভোট গ্ৰহণৰ দাবী জনাই দুবাৰকৈ পত্ৰ প্ৰেৰণ নিৰ্দলীয় প্ৰাৰ্থী প্ৰনেন হাফলংবাৰৰ ৷

independent candidate of NCHAC demanded re polling in one center
Etv Bharatমুপা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ দাবী নিৰ্দলীয় প্ৰাৰ্থীৰ
মুপা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ দাবী নিৰ্দলীয় প্ৰাৰ্থীৰ

হাফলং 14 জানুৱাৰী: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনাক লৈ ব্যাপক খেলিমেলিৰ অভিযোগ কালাচান্দ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰনেন হাফলংবাৰৰ । 11 নং কালাচান্দ সমষ্টিৰ 5 নম্বৰ মুপা নিম্ন প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰৰ বেলট বক্সত 18 টা বেলট পেপাৰ বেছি পোৱা বুলি চাঞ্চল্যকৰ অভিযোগ উঠিছে ৷ আনকি ইয়াৰ পিচতে বিজেপি প্ৰাৰ্থী ৰতন জাৰামবুচাক ৰিটাৰ্ণিং বিষয়া তথা জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে জয়ী ঘোষণা কৰে বুলি অভিযোগ তুলিছে কালাচান্দ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰনেন হাফলংবাৰে ।

সংবাদ মাধ্যমৰ আগতে প্ৰনেন হাফলংবাৰে জানিবলৈ দিয়ে যে, 11 নম্বৰ কালাচান্দ সমষ্টিৰ 5 নম্বৰ মুপা নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোট পৰিছে 615 টা । কিন্তু এই ভোটগ্ৰহণ কেন্দ্ৰটোৰ ভোট গণনাৰ সময়ত বেলট বাকচত পোৱা গৈছে মুঠ 633 খন বেলট পেপাৰ । ইয়াৰ পিচতেই ভোটগণনা কেন্দ্ৰটোত নিৰ্দলীয় প্ৰাৰ্থী প্ৰনেন হাফলংবাৰৰ লগতে তেওঁৰ কাউণ্টিং এজেন্ট, পলিং এজেন্টে ভোটগ্ৰহণ কেন্দ্ৰটোত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ তোলে আৰু পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে জিলা ৰিটাৰ্ণিং বিষয়া তথা জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসক লিখিতভাবে দাবী তোলে ।

ইয়াৰ পিচতে ৰিটাৰ্ণিং বিষয়াই সমষ্টিটোৰ ভোটগণনা কিছু সময় স্থগিত কৰি ৰাখিছিল যদিও আশ্চৰ্যজনকভাবে কিছু সময় পিচতে ৰিটাৰ্ণিং বিষয়াই 5 নম্বৰ মুপা নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰৰ বেলট বক্সত যি অতিৰিক্ত 18 টা বেলট পেপাৰ উদ্ধাৰ হৈছিল এই বেলট পেপাৰসমূহ বাতিল কৰি কালাচান্দ সমষ্টিত বিজেপি প্ৰাৰ্থী ৰতন জাৰামবুচাক 1 টা ভোটৰ ব্যৱধানত জয়ী ঘোষণা কৰে বুলি চাঞ্চল্যকৰ অভিযোগ তোলে ৷ আনকি কালাচান্দ সমষ্টিৰ ভোট গণনাৰ যি ৰিজাল্ট চিট আছে এই চিটত তেওঁৰ পলিং এজেন্ট, কাউনটিং এজেন্টসকলেই স্বাক্ষৰ নকৰাৰ পিচত ৰিটাৰ্ণিং বিষয়াই কি দৰে বিজেপি প্ৰাৰ্থী ৰতন জাৰামবুচাক জয়ী ঘোষণা কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে ৷

কালাচান্দ সমষ্টিৰ 5 নম্বৰ মুপা নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ দাবী জনাই দেওবাৰে আন এখন লিখিত পত্ৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰনেন হাফলংবাৰে প্ৰদান কৰে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: বিৰোধী শূন্য ডিমা হাছাও, 25 টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ জয়লাভ, নিৰ্দলীয়ৰ দখলত তিনি সমষ্টি,

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.