ETV Bharat / state

হাফলঙত ডিমাছা সাহিত্য সভাৰ স্থায়ী ভৱন উদ্বোধন

সোমবাৰে হাফলঙত উদ্বোধন কৰা হ’ল ডিমাছা সাহিত্য সভাৰ এটা নতুন ভৱন (Inauguration of a new building of Dimasa Sahitya Sabha at Haflong) ৷ এই ভৱনটোৰ শুভ উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই ৷

author img

By

Published : May 10, 2022, 6:26 PM IST

Dimasa Sahitya Sabha
হাফলঙত ডিমাছা সাহিত্য সভাৰ এটা নতুন ভৱন উদ্বোধন

ডিমা হাছাও, 10 মে’ : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত সোমবাৰে ডিমাছা সাহিত্য সভাৰ এটা নতুন ভৱন উদ্বোধন কৰা হয় (Inauguration of a new building of Dimasa Sahitya Sabha at Haflong) ৷ এই ভৱনটো উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই ।

সোমবাৰে হাফলঙত আয়োজিত ডিমাছা সাহিত্য সভাৰ নতুন ভৱনৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডিমাছা সাহিত্য সভাৰ প্ৰতিনিধিসকল উপস্থিত থাকে । উল্লেখযোগ্য যে, 1999 চনত ডিমাছা সাহিত্য সভা গঠন হোৱাৰ পিচতে ইমান দিন সাহিত্য সভাৰ কোন স্থায়ী কাৰ্যালয় নাছিল ।

হাফলঙত ডিমাছা সাহিত্য সভাৰ স্থায়ী ভৱন উদ্বোধন

ইমান দিনে এটা অস্থায়ী কাৰ্যালয়ত ডিমাছা সাহিত্য সভাৰ সকলো কাম কাজ চলি আহিছিল ৷ এই কথা সাংবাদিকৰ আগত উল্লেখ কৰে ডিমাছা সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰমেশ থাওচেনে । ৰমেশ থাওচেনে সাংবাদিকৰ আগত কয় যে, এতিয়াৰ পৰা সাহিত্য চৰ্চাৰ ওপৰত অধিক গুৰুত্বৰে কাম কৰি যাব ডিমাছা সাহিত্য সভাই ।

ডিমাছাসকল এটা প্ৰাচীন জনজাতীয় লোক ৷ তেওঁলোকৰ নিজৰ পৰম্পৰাগত সাঁজপাৰ, কৃষ্টি-সংস্কৃতিকে ধৰি সমাজৰ বিভিন্ন নীতি-নিয়ম সন্নিবিষ্ট কৰা হ’ব ডিমাছা ভাষাৰ পাঠ্যপুথিত । আনকি এতিয়াৰ পৰা ডিমাছা ভাষাৰ লেখকসকলকো বিভিন্ন প্ৰশিক্ষণ দিয়াৰ লগতে অনুষ্ঠিত কৰা হ’ব ডিমাছা সাহিত্য সভাৰ অধিৱেশন ৷ সাংবাদিকৰ আগত এই কথা ব্যক্ত কৰে ৰমেশ থাওচেনে ।

লগতে পঢ়ক : হাগ্ৰামা মহিলাৰী এজন খিলাড়ী মানুহ, কেজৰিৱাল এজন চাফ-চিকুণ লোক: নৱ শৰণীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.