ডিমা হাছাও,১৭ এপ্ৰিল: ডিমা হাছাও জিলাত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এন লেইকুল পৰা মাহুৰ অংশত ট্ৰাক মালবাহী ট্ৰাকৰ লগতে ডাঙৰ আৰু গধুৰ বাহনৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ প্ৰশমন বিভাগে । ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰীয়া জিলাখন প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছে(Natural disaster in Dimahasao) ।
ভূমিস্খলনৰ ফলত জিলাৰ ঠায়ে ঠায়ে বাট পথ বন্ধ হৈ পৰিছে(Roads blocked due to landslides) । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এন লেইকুলৰ এছ কাৰ্ভৰ অৱস্থা অতিকৈ বিপদজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে । যাৰফলত শনিবাৰে সন্ধিয়া ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ চেয়াৰমেন নাজৰিন আহমেদে এই নিৰ্দেশ দিয়ে ।
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এন লেইকুলৰ পৰা মাহুৰ লৈকে ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাক আৰু ডাঙৰ বাহন চলাচলৰ ক্ষেত্ৰত আৰু ২০ টনৰ বেছি সামগ্ৰীলৈ চলাচলৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰে । এই নিৰ্দেশ অহা সাত দিনলৈকে অব্যাহত থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।
![ban on heavy vehicle movement in dima hasao](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27_17042022113745_1704f_1650175665_449.jpg)
ইপিনে ডিমা হাছাওত ধাৰাসাৰ বৰষুণ অব্যাহত থকাৰ ফলত হাফলং আৰু জাতিংগাৰ মাজৰ বৰ হাফলঙত ঘাইপথ সম্পূৰ্ণ ৰূপে খহি পৰে । বৰষুণৰ ফলত পথটোৰ বৃহৎ অংশ খহি পৰাৰ বাবে যান-বাহন চলাচলৰ বাবে কেৱল মাত্ৰ ২ মিটাৰ পথহে বাকী ৰয় আৰু এই পথটোৰ বৃহৎ অংশত ডাঙৰ ফাট মেলাৰ তথ্যও সদৰি কৰিছে জিলা প্ৰশাসনে ।
এনেদৰে যদি বৰষুণ অব্যাহত থাকে তেনেহ’লে এই পথটোৰ বাকী অংশ খহি পৰাৰো সম্ভাৱনা আছে । ইফালে প্ৰচণ্ড বৰষুণৰ ফলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ পাইপ লাইন সম্পূৰ্ণ ৰূপে নষ্ট হৈ পৰে । যাৰবাবে হাফলং চহৰত পানী যোগান বন্ধ হৈ পৰিছে । অন্যহাতে ধুমুহাৰ কাৰণে ডিমা হাছাও জিলাত বিদ্যুৎ সেৱা বন্ধ হৈ পৰিছে । সমগ্ৰ পাহাৰীয়া জিলাখনৰ ৰাইজে এতিয়া অন্ধকাৰৰ মাজত নিশা কটাবলগীয়া হৈছে ।
লগতে পঢ়ক: উত্তৰ পূৱত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা