ETV Bharat / state

15 জুনৰ পাছত ৰাজ্যত হ্ৰাস পাব কৰ'ণা ৰোগীৰ সংখ্যা - Covid 19

অসমত বৰ্তমানলৈ কৰ'ণাৰ তৃতীয় পৰ্যায় অহা নাই । তৃতীয় পৰ্যায় অৰ্থাৎ ৰাজ্যত সামাজিক সংক্ৰমণ হ'লে Covid 19 ৰ গ্ৰাফ উৰ্ধমুখী হ'ব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰোপৰি 15 জুনৰ পিছত বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাব ফলত 15 জুনৰ পাছত ৰাজ্যত Covid 19 ৰোগীৰ সংখ্যা কিছু হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

Health Minister Himanta Bishwa Sarma on a visit to Haflong Civil Hospital
হাফলং
author img

By

Published : Jun 9, 2020, 1:03 PM IST

ডিমা হাছাও, 9 জুন: দুদিনীয়া হাফলং ভ্ৰমণৰ বাবে আহি মঙলবাৰে হাফলং অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ চিকিৎসালয়খনৰ কৰ'ণা ৰোগীক চিকিৎসা প্ৰদান কৰা প্ৰথম পৰ্যায়ৰ 11 গৰাকী চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়ে সফলতাৰে 7 দিনৰ কোৱাৰেন্টাইনৰ সময়সীমা অতিক্ৰম কৰাৰ বাবে তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ পৰৱৰ্তী সময়ত প্ৰথম পৰ্যায়ৰ 11 গৰাকী স্বাস্থ্যকৰ্মীক নিজ-নিজ ঘৰলৈ প্ৰেৰণ কৰা হয় ।

চিকিৎসালয়খন পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় কয় যে, হাফলঙৰ এই চিকিৎসালয়খনত 100 জন ৰোগীক চিকিৎসা প্ৰদান কৰাটো এক সফলতা । ইয়াৰোপৰি আইচিএমআৰে মঙলবাৰৰ পৰা ডিফু চিকিৎসা মহাবিদ্যালয়ত কভিদ ৰোগীৰ স্বাব টেষ্টৰ অনুমতি প্ৰদান কৰিছে । ফলস্বৰপে এতিয়াৰ পৰা ডিমা হাছাও জিলাৰ নমুনাসমূহ ডিফু চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা কৰা হ'ব বুলি অৱগত কৰে স্বাস্থ্য়মন্ত্ৰীগৰাকীয়ে । কৰ'ণা ৰোগীৰ সংখ্যা ডিমা হাছাও জিলাত বৃদ্ধি হ'লে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হ'ব বুলিও জনাই মন্ত্ৰীগৰাকীয়ে ৷

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাফলং অসামৰিক চিকিৎসালয় পৰিদৰ্শন

লগতে পঢ়কঃ বকোত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

উল্লেখ্য যে, অসমত বৰ্তমানলৈ কৰ'ণাৰ তৃতীয় পৰ্যায় অহা নাই । তৃতীয় পৰ্যায় অৰ্থাৎ ৰাজ্যত সামাজিক সংক্ৰমণ হ'লে Covid 19 ৰ গ্ৰাফ উৰ্ধমুখী হ'ব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰোপৰি 15 জুনৰ পিছত বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাব ফলত 15 জুনৰ পাছত ৰাজ্যত Covid 19 ৰোগীৰ সংখ্যা কিছু হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.