ETV Bharat / state

সাপ্তাহিক বজাৰস্থলীত পাৰ্কিং জ'নঃ হাফলঙত প্ৰতিক্ৰিয়া - সাপ্তাহিক বজাৰ

কোটি টকা ব্যয় কৰি হাফলং নগৰ সমিতিৰ পথাৰখনত এখন ট্ৰাইবেল মাৰ্কেট নিৰ্মাণ কৰা হৈছিল যদিও এতিয়া সাপ্তাহিক বজাৰৰ সলনি এই পথাৰখন যানবাহন পাৰ্কিঙৰ অনুমতি প্ৰদান কৰিছে হাফলং নগৰ সমিতিয়ে।

haflong-weekly-market-converted-to-parking-place
সাপ্তাহিক বজাৰস্থলীত পাৰ্কিং জ'নঃ হাফলঙত প্ৰতিক্ৰিয়া
author img

By

Published : Oct 28, 2020, 4:23 PM IST

ডিমা হাছাও, 28 অক্টোবৰ: হাফলং নগৰ সমিতিৰ পথাৰখন এতিয়া পাৰ্কিং পইন্টলৈ পৰিণত হৈছে। হাফলং চহৰৰ মাজ মজিয়াত থকা এই পথাৰখন এতিয়া যানবাহন পাৰ্কিঙৰ বাবে ব্যৱহাৰ কৰা হৈছে। কোটি টকা ব্যয় কৰি হাফলং নগৰ সমিতিৰ পথাৰখনত এখন ট্ৰাইবেল মাৰ্কেট নিৰ্মাণ কৰা হৈছিল যদিও এতিয়া সাপ্তাহিক বজাৰৰ সলনি এই পথাৰখন যানবাহন পাৰ্কিঙৰ অনুমতি প্ৰদান কৰিছে হাফলং নগৰ সমিতিয়ে। দীৰ্ঘ দিনৰ পৰা এই নগৰ সমিতিৰ পথাৰখনত হাফলঙৰ সাপ্তাহিক বজাৰ হৈ আহিছিল।

haflong weekly market converted to parking place
সাপ্তাহিক বজাৰস্থলীত পাৰ্কিং জ'নঃ হাফলঙত প্ৰতিক্ৰিয়া

ডিমা হাছাও জিলাৰ বিভিন্ন গ্ৰামৰ পৰা শাক-পাচলি আৰু বিভিন্ন সামগ্ৰী লৈ অহা লোক সকলৰ সামগ্ৰী বিক্ৰী কৰাৰ বাবে সমস্যাৰ সৃষ্টি হোৱাৰ বাবেই এই পথাৰখনত কোটি টকা ব্যয় কৰি এখন ট্ৰাইবেল মাৰ্কেট নিৰ্মাণ কৰিছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে । কিন্তু এতিয়া এই পথাৰখন পাৰ্কিঙৰ বাবে লিজত দিছে হাফলং নগৰ সমিতিয়ে। ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ হাফলং চহৰত ৷

লগতে পঢ়ক: ধেমাজিত বানত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.