ডিমা হাছাও 28 জুলাইঃ সমগ্ৰ ৰাজ্য এতিয়া বানৰ কৱলত ৷বানাক্ৰান্ত ৰাইজক সাহায্যৰ কৰাৰ বাবে আগবাঢ়ি আহিল হাফলং ডনবস্কো স্কুলৰ প্ৰাক্তন ছাত্ৰ সংস্থা মিনাৰেট ক্লাব আৰু বিভিন্ন সংগঠন। ডিমা হাছাও জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ হাতত নগদ ৫০ হাজাৰ টকা খাদ্য সামগ্ৰী আৰু কাপোৰ তুলি দিয়ে ডনবস্কো স্কুলৰ প্ৰাক্তন ছাত্ৰ জশৃংদাও ফংলো আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধি সকলে।
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/_27072019174210_2707f_1564229530_865.jpg)
লগতে ডিমা হাছাও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বানাক্ৰান্ত সকলৰ কাৰণে সাহায্য আগবঢ়ায় ৰাইজে। লগতে ডিমা হাছাও জিলাৰ জিলা উপযুক্ত অমিতাভ ৰাজখোৱাই নিজেও ৪ হাজাৰ টকা প্ৰদান কৰে বানাক্ৰান্ত সকলৰ সাহায্যৰ বাবে।
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/_27072019174210_2707f_1564229530_202.jpg)