ETV Bharat / state

হাফলঙত আৰম্ভ কৰা হ’ল ক’ভিশ্বিল্ড প্ৰতিষেধকৰ টীকাকৰণ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হাফলং অসামৰিক চিকিৎসালয় আৰু উমৰাংচু প্ৰাথমিক চিকিৎসা কেন্দ্ৰত শনিবাৰে প্ৰদান কৰা হ’ল ক’ভিড-19 প্ৰতিষেধক ৷

as_dimahasao_haflong-covishield-vaccination_img_AS10034
হাফলঙত আৰম্ভ কৰা হ’ল ক’ভিশীল্ড প্ৰতিষেধকৰ টীকাকৰণ
author img

By

Published : Jan 16, 2021, 10:49 PM IST

ডিমা হাছাও,16 জানুৱাৰী: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হাফলং অসামৰিক চিকিৎসালয় আৰু উমৰাংচু প্ৰাথমিক চিকিৎসা কেন্দ্ৰত শনিবাৰে প্ৰদান কৰা হ’ল ক’ভিড-19 প্ৰতিষেধক ৷ প্ৰথম পৰ্যায়ত হাফলং অসামৰিক চিকিৎসালয়ত মুঠ 147 গৰাকী চিকিৎসাকৰ্মীক এই প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷ ইয়াৰে ভিতৰত শনিবাৰে 20 গৰাকী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক এই প্ৰতিষেধক প্ৰদান কৰা হয় ৷ এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ দিপালি বৰ্মনৰ লগতে চিকিৎসালয়ৰ বিষয়া-কৰ্মচাৰীসকল ৷

হাফলং অসামৰিক চিকিৎসালয়ত এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ সময়ত তত্বাৱধায়কৰ দায়িত্বত উপস্থিত থাকে ডাঃ কল্পনা কেম্প্ৰাই । আনহাতে উমৰাংচু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰথম পৰ্যায়ত 261 গৰাকী চিকিৎসাকৰ্মীক প্ৰদান কৰা হ’ব ক’ভিড-19 প্ৰতিষেধক ৷ ইয়াৰে 73 গৰাকী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক শনিবাৰৰ দিনটোত প্ৰতিষেধক প্ৰদান কৰা হয় ৷ উমৰাংচু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত টীকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ সময়ত উপস্থিত আছিল ডাঃ লিনা হাকমকচা ।

লগতে পঢ়ক-18 জানুৱাৰীত অনুষ্ঠিত হ’ব আঞ্চলিক গণমৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.