ETV Bharat / state

ক'ভিডত আক্ৰান্ত হৈ পুনৰ হাফলঙত মৃত্যু এজনৰ

author img

By

Published : May 21, 2021, 12:23 PM IST

ডিমা হাছাও জিলাত বিগত ২৪ ঘণ্টাত ১৬৩ গৰাকী ব্যক্তি নতুনকৈ কৰ'ণাত আক্ৰান্ত হয় । সঞ্জীৱ কুমাৰ বৰ্মন নামৰ ৫৭ বছৰীয়া এগৰাকী ব্যক্তিয়ে বৃহস্পতিবাৰে বিয়লি হাফলং অসামৰিক চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয় । ইয়াৰ লগে লগে ক'ভিডত আক্ৰান্ত হৈ জিলাখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৫ গৰাকীলৈ বৃদ্ধি পালে ।

HAFLONG NEW DEATH
ক'ভিডত আক্ৰান্ত হৈ পুনৰ হাফলঙত মৃত্যু এজনৰ

ডিমা হাছাও, ২১ মে': অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওতো অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । তাৰ মাজতে জিলাখনৰ হাফলঙত পুনৰ এগৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে । সঞ্জীৱ কুমাৰ বৰ্মন নামৰ ৫৭ বছৰীয়া এগৰাকী ব্যক্তিয়ে বৃহস্পতিবাৰে বিয়লি হাফলং অসামৰিক চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয় ।

ইয়াৰ লগে লগে ক'ভিডত আক্ৰান্ত হৈ ডিমা হাছাওত মৃত্যু হোৱা লোকৰ সংখ্যা ৫ গৰাকীলৈ বৃদ্ধি পালে । ইয়াৰে ২ গৰাকী ৰোগীৰ হাফলং অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱাৰ বিপৰীতে ৩ গৰাকী ৰোগীৰ মৃত্যু হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ।

সমান্তৰালকৈ, ডিমা হাছাও জিলাত বিগত ২৪ ঘণ্টাত ১৬৩ গৰাকী ব্যক্তি নতুনকৈ কৰ'ণাত আক্ৰান্ত হয় । বুধবাৰে পাহাৰীয়া জিলাখনত ৮২ গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে আক্ৰান্ত হৈছে ৮১ গৰাকী ব্যক্তি ।

ইফালে জিলাখনত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৭২১ গৰাকীলৈ বৃদ্ধি হৈছে । ইয়াৰ মাজতে সুস্থ হোৱা ৰোগীৰ সংখ্যা ৩০৭ গৰাকী । বৰ্তমান পাহাৰীয়া জিলা খনত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৮৮ গৰাকী হোৱাৰ বিপৰীতে ৪৪ গৰাকী ৰোগীৰ চিকিৎসা চলি আছে হাফলং অসামৰিক চিকিৎসালয়ত আৰু ৩১২ গৰাকী ৰোগী আছে হোম আইচ'লেশ্যনত । উন্নত চিকিৎসাৰ বাবেও কেইবাগৰাকী ৰোগী প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ।

লগতে পঢ়ক:বঙাইগাঁৱত স্বাস্থ্যকৰ্মীয়ে ভংগ কৰিলে ক'ভিড প্ৰট'কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.