ডিমা হাছাও,৩১ মাৰ্চ: দ্বিতীয়বাৰৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ে লাভ কৰিছে কায়াকল্প বঁটা ২০২১-২২ । ৰাজ্যৰ ভিতৰতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱাৰ বাবেই ডিমা হাছাও জিলাৰ একমাত্ৰ জিলা চিকিৎসালয় 'হাফলং অসামৰিক চিকিৎসালয়ে' দ্বিতীয়বাৰৰ বাবে কঢ়িয়াই আনিছে এই গৌৰৱ (Haflong Civil Hospital receives first position Kayakalp Award) ।
পৰিষ্কাৰ পৰিচ্ছন্ন চিকিৎসালয় হিচাবে হাফলং অসামৰিক চিকিৎসালয়ে ৰাজ্যৰ মাজতে প্ৰথম স্থান দখল কৰে আৰু লাভ কৰে ৫০ লাখ টকা । ইয়াৰ উপৰি হাফলং চহৰৰ Urban Health center PHCS Category-ত প্ৰথম স্থানৰ লগতে লাভ কৰে নগদ ২ লাখ টকা । Commendation award হিচাবে ১ লাখ টকাকৈ লাভ কৰে Maibang CHC -ৰ অধীনত থকা Langting Health Block আৰু Umrangso CHC -ৰ অধীনত থকা Gunjung Health block য়ে ।
চিকিৎসালয়খনৰ এই সাফল্যত যথেষ্ট সুখী অনুভৱ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই । যিসময়ত চৰকাৰী চিকিৎসালয়ৰ ক্ষেত্ৰত যথেষ্ট অভিযোগ উত্থাপন হোৱা দেখা যায়, তেনে সময়ত চিকিৎসালয়খনৰ এই সাফল্য সঁচাকৈয়ে প্ৰশংসনীয় ।
লগতে পঢ়ক: অধিবক্তা ৰিণিমা বেগমক হত্যা কৰা অস্ত্ৰ উদ্ধাৰ; গ্ৰেপ্তাৰ হৈছে মাষ্টাৰ মাইণ্ড