ETV Bharat / state

হাফলঙত দেওবাৰে শাক পাচলিৰ বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

author img

By

Published : Apr 12, 2020, 5:37 PM IST

Updated : Apr 12, 2020, 9:07 PM IST

লক ডাউন অমান্য কৰি এতিয়াও বিনা কামত ৰাজপথত ওলাই ঘূৰি ফুৰিছে বহু লোকে। যাৰ বাবে দেওবাৰে হাফলঙত শাক পাচলিৰ বজাৰ বন্ধ কৰি দিবলৈ বাধ্য হৈছে জিলা প্ৰশাসন ।

হাফলঙত দেওবাৰে শাক পাচলিৰ বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ
হাফলঙত দেওবাৰে শাক পাচলিৰ বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

ডিমা হাছাও , 12 এপ্ৰিল : হাফলঙত দেওবাৰে শাক পাচলিৰ বজাৰ বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে জিলা প্ৰশাসনে। ইয়াৰ পৰিৱৰ্তে জিলা প্ৰশাসনৰ দ্বাৰা অনুমোদিত ব্যক্তিক অসম খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কৰ্মচাৰীৰ উপস্থিতিত হাফলং চহৰৰ বিভিন্ন ঠাইত শাক পাচলি বিক্ৰীৰ নিৰ্দেশ দিয়ে ।

দৰাচলতে বিগত দিনত হাফলং চহৰত লক ডাউন অমান্য কৰি মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে । ইয়াৰোপৰি হাফলংবাসীয়ে সামাজিক দূৰত্ব নাৰাখি বজাৰ-সমাৰ কৰাও দেখা পোৱা গৈছে ৷ সমগ্ৰ বিশ্বতে সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ পাছতো ডিমা হাছাওবাসীৰ মাজত কোনো সজাগতা পৰিলক্ষিত হোৱা নাই । লক ডাউন অমান্য কৰি এতিয়াও বিনা কামত ৰাজপথত ঘূৰি ফুৰিছে বহু লোকে । যাৰ বাবে দেওবাৰে হাফলঙত শাক পাচলিৰ বজাৰ বন্ধ কৰি দিবলৈ বাধ্য হৈছে জিলা প্ৰশাসন ।

Last Updated : Apr 12, 2020, 9:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.